
নিউজডেক্স,২৯জুলাই,২০২৫: : নাজিৰাত কৃষকসকলে ভয়াৱহ জল সংকটৰ সন্মুখীন হৈছে আৰু জলসিঞ্চনৰ অভাৱত পথাৰৰ মাটিত ছিৰাল ফাঁট দিছে৷ বহুদিন বৰষুণ নোহোৱাত বাৰিষাতো কৃষিভূমি শুকান হৈ পৰিছে। শ শ বিঘা খেতি মাটি ছন পৰাৰ আশংকাত কৃষকসকলে বৰষুণৰ বাবে পৰম্পৰাগত ‘ভেকুলী বিবাহ’ৰ আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷
বৰষুণৰ আশাত আজি নাজিৰাৰ লিগিৰীপুখুৰী গাঁৱত অনুষ্ঠিত কৰা হয় ভেকুলী বিয়া ৷ এনে কৰিলে বৰৰষুণ আহে বুলি স্থানীয় ৰাইজৰ পৰম্পৰাগত বিশ্বাসৰ ভিত্তিত গাঁওবাসীয়ে সকলো ৰীতি-নীতি পালন কৰি অতি উৎসাহেৰে এই অনুষ্ঠানৰ আয়োজন কৰে। এই প্ৰাচীন প্ৰথাই অঞ্চলটোৰ কৃষকসকলে নিজৰ শস্যৰ বাবে পৰ্যাপ্ত পানী লাভৰ বাবে সংগ্ৰাম কৰি থকা হতাশাক প্ৰতিফলিত কৰাৰ লগতে বগাহাতীত পৰিণত হোৱা চৰকাৰী জলসিঞ্চন ব্যৱস্থাৰ নগ্ন ছবিকেই ডাঙি ধৰিছে৷ মানুহে মহাকাশত বসবাস কৰাৰ পৰিকল্পনা কৰা এই একবিংশ শতিকাতো ডাবল ইঞ্জিনৰ উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে তীব্ৰ জলসংকট আৰু খৰাং সদৃশ পৰিস্থিতিৰ সন্মুখীন হৈ বৰষুণৰ বাবে ঈশ্বৰৰ শৰণাপন্ন হৈ ভেকুলী বিয়াৰ দৰে প্ৰাচীন পৰম্পৰাৰ আশ্ৰয় ল’বলগীয়া হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা৷ “ভাকুলী বিয়া” নামেৰে পৰিচিত এই পৰম্পৰাগত অনুষ্ঠানে বৰুণ দেৱতাক সন্তুষ্ট কৰি খৰাং অঞ্চলত সকাহ দিয়ে বুলি বিশ্বাস কৰা হয় আৰু এই লোক বিশ্বাসৰ আধাৰতেই আজি নাজিৰাৰ লিগিৰিপুখুৰীৰ ৰাইজে আয়োজন কৰে “ভেকুলী বিয়া”ৰ৷