নিউজডেক্স,১আগষ্ট,২০২৫: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল বেদখল মুক্ত কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে অভয়পুৰ সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰিবলৈ বাতৰি প্ৰকাশ কৰাৰ বাবেই বিজেপি নেতাৰ ভাবুকিৰ সম্মুখীন হ’ল এগৰাকী সাংবাদিক। চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল বেদখল সন্দৰ্ভত ৩১ জুলাইত বাতৰি প্ৰকাশৰ দিনাই নিশালৈ চৰাইদেউ জিলা বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী নেতা গুণ বড়াই ফোন যোগে বিভিন্ন গালি-গালাজ পৰাৰ ওপৰিও হাত-ভৰি ভাঙি প্ৰাণে মৰাৰ ভাবুকি দিয়ে দৈনিক জনমভূমি কাকতৰ চাফ্ৰাইৰ সাংবাদিক কপিল চেতিয়াক। একে সময়তে চিংলোপথাৰৰ হিতেশ বৰগোহাঁই নামৰ আন এজন ব্যক্তিয়েও মেছেঞ্জাৰৰ জৰিয়তে ভাবুকি প্ৰদান কৰে সাংবাদিক গৰাকীক। যাৰ ফলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চৰাইদেউ জিলাত। ইয়াৰ পৰিপ্ৰেক্ষিতত সাংবাদিক গৰাকীয়ে চফ্ৰাই আৰক্ষী চকীত ভাবুকি দিয়া দুই ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আনহাতে সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে চৰাইদেউ প্ৰেছ গীল্ড আৰু আপকু চৰাইদেউ জিলা সমিতিয়ে দাবী উত্থাপন কৰিছে


