
নিউজডেক্স,১১আগষ্ট ২০২৫ : অসম নগালেণ্ড সীমান্তত অবৈধ শিল খননে বিপদ মাতিছে শৈল নগৰী বিহুবৰলৈ ৷ যিকোনো মুহূৰ্তত দিখৌ নদীয়ে গতিপথ সলনি কৰাৰ আশংকাত ভুগিছে বিহুবৰ বাসী। কাণষাৰ নাই বনবিভাগ তথা আৰক্ষী প্ৰশাসনৰ। বৰষুণ দিলে বোকা আৰু ৰ’দ দিলে ধূলিময় হৈ পৰে সমগ্ৰ বিহুৱৰ। শিল মাফিয়া ক্ৰমে ৰিয়াজ আলি ওৰফে নানকি, গাজি খান, আৰু জাকিৰ আলিৰ নেতৃত্বত চলি আছে অবৈধ খনন৷ বন বিভাগ আৰু আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰিছে শিল মাফিয়াই। নগালেণ্ড আৰু অসমৰ সীমাত শিল খনন কাৰ্য্যত ব্যৱহাৰ কৰা ফকলেণ্ড, জে.চি.বিৰ অবাধ খননৰ দৃশ্য দেখিও আশ্বৰ্যজনকভাবে নিমাত ৰাজ্যৰ বন বিভাগ তথা আৰক্ষী প্ৰশাসন! জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে এই অবৈধ শিলৰ ব্যৱসায়ে।বিহুৱৰ থানা তথা বন বিভাগৰ সন্মুখেৰেই দৈনিক পাৰ হয় সহস্ৰাধিক শিল কঢ়িওৱা ডাম্পাৰ । কিন্তু সকলো দেখিও নেদেখাৰ ভাও জুৰে প্ৰশাসনে৷ প্ৰশ্ন হয় সীমান্তত বসবাস কৰা ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিবনো কেতিয়া !

