নিউজডেক্স,১৫ আগষ্ট২০২৫: সমগ্ৰ দেশৰ লগতে আজি নাজিৰা সমজিলাতো দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি নাজিৰা সমজিলা আয়ুক্ত কণিকাই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পূৰ্বে সমজিলা আয়ুক্তই দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি নাজিৰা গান্ধী ময়দানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে আয়ুক্ত গৰাকীয়ে কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। এই কুচ – কাৱাজ কাৰ্যসূচীত নাজিৰাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। নাজিৰা সমজিলা আৰক্ষী বিষয়া তুষাৰ দেশাইৰ উপস্থিতিত মুখ্য অতিথি ৰূপে প্ৰদান কৰা ভাষণত সমজিলা আয়ুক্তই দেশৰ বীৰ শ্বহীদ, মুক্তি-যুঁজাৰু সকলৰ চৰম ত্যাগ আৰু আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ সুৰক্ষাত নিয়োজিত নিৰাপত্তা বাহিনী সমূহৰ সাহস আৰু পৰাক্ৰমকো স্মৰণ কৰে।স্বাধীনতা দিৱস উপলক্ষে আয়োজিত পেৰেডত জৱাহৰ নৱোদয় বিদ্যালয়ৰ এন. চি.চি দলে প্ৰথম, নাজিৰা মহাবিদ্যালয়ৰ এন. চি.চি দলে দ্বিতীয় আৰু নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ এন. চি.চি দলে তৃতীয় স্থান লাভ কৰে। তদুপৰি, স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলকো আজি পুৰস্কৃত কৰা হয়।তদুপৰি, আজিৰ অনুষ্ঠানত নাজিৰা সমজিলাৰ অন্তৰ্গত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা মুঠ ৪৪ গৰাকী ব্যক্তিক সমজিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, সমজিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকল, কৰ্মচাৰী সকল, আৰক্ষী প্ৰশাসন আৰু বহুসংখ্যকস্থানীয় ৰাইজ উপস্থিত থাকে।আনহাতে স্বাধীনতা দিৱস উপলক্ষে নাজিৰা নগৰত ই-ৰিক্সা চালক সকলে উলিওৱা এক বৃহৎ ই-ৰিক্সা ৰেলীত কেইবাশতাধিক ই-ৰিক্সা চালকে অংশগ্ৰহণ কৰে৷![]()
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

