

দৰদী শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ বেদনাত নাজিৰাত আজি স্বত: স্ফূত ভাবে সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ লগতে সন্ধিয়া নাজিৰা নগৰৰ বিভিন্ন স্থানৰ লগতে নাজিৰা দৈনিক বজাৰৰ সন্মুখত বীৰ লাচিত সেনৰ লগতে নাজিৰা সাংবাদিক মঞ্চ , টাইপা, অসমীয়া যুৱ মঞ্চ আৰু স্থানীয় ৰাইজৰ সহযোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ জুবিন ফেন ক্লাৱ আৰু স্থানীয় ৰাইজে মবাইল টৰ্চ জ্বলাই নাজিৰাত এক শান্তি সমদলো বাহিৰ কৰে৷

