
নিউজডেক্স,২৭চেপ্তেম্বৰ,২০২৫ : যোৱা শুক্ৰবাৰে পুৱা শিমলুগুৰি নগৰৰ বজাৰ তিনিআলিৰ বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা ৪০ লাখ টকা হৰলুকি হয় । ব্যৱসায়ীজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ তেওঁৰ কৰ্মচাৰী বিক্ৰাণ জচোৱাল আৰু এজন অচিনাকি ব্যক্তিয়ে চোৰ কৰি নিছিল ৪০ লাখ টকা । পৰৰ্ৱতী সময়ত ব্যৱসায়ী বিকাশ কুমাৰে এই বিষয়ে শিমলুগুৰিৰ আৰক্ষীক অৱগত কৰিছিল । শিমলুগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন ৰাজখোৱা , উপ-পৰিদৰ্শক বেদান্ত বুঢ়াগোঁহাই আৰু নাজিৰাৰ সমজিলা আৰক্ষী অধীক্ষক তুষাৰ দেশায়ে অভিযান চলাই বিকাশ কুমাৰৰ গাড়ী চালক শিমলুগুৰিৰ অভয়পুৰীয়াৰ বিতু গগৈক আটক কৰাৰ পিছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷ব্যৱসায়ীজনৰ কৰ্মচাৰী বিক্ৰাণ জচোৱাল আৰু অচিনাকি ব্যক্তি এগৰাকীয়ে ৪০লাখ টকা চুৰ কৰি তাৰে ১৪লাখ ৭৩হাজাৰ টকা গাড়ী চালক বিতু গগৈক দি যোৱাত বিতু গগৈয়ে ১৪লাখ ৭৩হাজাৰ টকা ঘৰৰ ওচৰৰে এখন হাবিত লুকুৱাই থৈছিল৷আৰক্ষীয়ে ইতিমধ্যেই এই ১৪লাখ ৭৩হাজাৰ টকা উদ্ধাৰ কৰিছে যদিও বাকী টকা বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷আনহাতে কৰ্মচাৰী বিক্ৰাণ জচোৱাল আৰু অচিনাকি ব্যক্তিজনকো এই পৰ্যন্ত আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই যদিও অনুসন্ধান অব্যাহত ৰাখিছে ৷

