নিউজডেক্স,২অক্টোবৰ,২০২৫ : আজি নাজিৰা নগৰৰ মাজমজিয়াত থকা বশিষ্ট গংগা খ্যাত দিখৌনৈৰ ঘাটত বিসৰ্জন দিয়া হয় দেৱী দূৰ্গাৰ প্ৰতিমাৰ । প্ৰশাসনে প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়মাৱলী পালন কৰি সকলো আয়োজক সমিতিয়ে বিসৰ্জন দিয়ে প্ৰতিমা সমুহ । প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰা নাজিৰাৰ দিখৌ নৈৰ পাৰ ঘাটত যথেষ্ট সংখ্যক আৰক্ষী ,এছ ডি আৰ এফ, আৰু চিভিল ডিফেন্সৰ লোক মোতায়ন কৰা হয় ।

বৃহত্তৰ নাজিৰা অঞ্চলৰ লিগিৰী পুখুৰী , ষ্টেচন তিনিআলি , কলেজ তিনিআলি , নাজিৰা মিলন মন্দিৰ , নাজিৰা পূজা মন্দিৰ , নাজিৰা চাৰিআলিকে ধৰি বিভিন্ন স্থানৰ পৰা অহা প্ৰতিমা সমুহ ধৰ্মীয় পৰম্পৰাৰে বিসৰ্জন দিয়া হয় । শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনায় তেখেতৰ মায়াবিনী গীত গাই গাই ভক্ত প্ৰাণ লোক সকলে এইবাৰ প্ৰতিমা বিসৰ্জনৰ বাবে আগবঢ়া পৰিলক্ষিত হয়৷