

নিউজডেক্স,২নবেম্বৰ,২০২৫: শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱে চিন্তিত কৰি তুলিছে থলুৱা গাহৰি পালক সকলক৷ ধিতাইপুখুৰীৰ কাকজানৰ জানমণি বুঢ়াগোহাঁইৰ গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন ফিভাৰত গাহৰি আক্ৰান্ত হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে এই থলুৱা গাহৰি পালক জনে৷ বেঙ্কৰ পৰা প্ৰায় ৪২লাখ টকাৰ ঋণ লৈ জানমণি বুঢ়াগোহাঁইয়ে সাতবছৰ ধৰি প্ৰায় বহু শতাধিক গাহৰি পালন কৰি উপাৰ্জনৰ পথ বাছি লৈছিল৷ দুদিনমান আগতে গাহৰিৰ গাত ছোৱাইন ফ্লুৰ লক্ষণ দেখি গাহৰি ফাৰ্মখনৰ তিনিটা গাহৰিৰ তেজৰ নমুনা শিৱসাগৰ পশুপালন বিভাগে সংগ্ৰহ কৰি পৰীক্ষণ কৰাত আফ্ৰিকান ছোৱাইন ফিভাৰত গাহৰি আক্ৰান্ত হোৱাৰ বিষয়ে নিশ্চিত হৈ আজি শিৱসাগৰৰ জিলা পশুপালন বিভাগে এই গাহৰি ফাৰ্মৰ প্ৰায় দুই শতাধিক গাহৰি নিধন কৰে ৷
ছোৱাইন ফ্লুৰ কবলত পৰি সৰ্বস্বান্ত হোৱা থলুৱা গাহৰি পালক জানমণি বুঢ়াগোঁহায়ে এই গাহৰি ফাৰ্মৰ বাবে লোৱা ঋণ মাফ কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে৷ যদিহে বিভাগীয় কৰ্তৃপক্ষইয়ে জানমণি বুঢ়াগোহাঁইৰ ঋণ ৰেহাইৰ বা আৰ্থিক সহায়ৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জানমণি বুঢ়াগোহাঁইয়ে মৃত্যুৰ পথ বাছি ল’বলৈ বাধ্য হব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷
পুঁজিপতিক গাহৰিৰ বজাৰ চমজাই দিয়াৰ চক্ৰান্তৰেই ৰাজ্যত বিয়পাই দিয়া হৈছে নেকি ছোৱাইন ফ্লু :
বৰ্তমান অসমৰ থলুৱা লোকৰ হাতত থকা একমাত্ৰ বজাৰ খন হৈছে গাহৰি মাংসৰ বজাৰ। উত্তৰ-পূবত জনজাতীয় লোকৰ মাজত জনপ্ৰিয় এই গাহৰি মাংসৰ বছৰি বহু হেজাৰ কোটি টকাৰ ব্যৱসায় হয় । এই অঞ্চলত সহস্ৰাধিক নিবনুৱা যুৱকে গাহৰি মাংসৰ উৎপাদন আৰু বিক্ৰীৰ জৰিয়তে সংস্থাপনৰ বাট মুকলি কৰাৰ লগতে অসমত গাহৰি পালনক এক উদ্যোগলৈ ৰূপান্তৰিত কৰিছে।এনে সময়তে অসমৰ ৩০ খন জিলা ASF অৰ্থাৎ আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হোৱাত গাহৰি পালক সকলৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। প্ৰধানকৈ বহি:ৰাজ্যৰ পৰা আমদানি কৰা গাহৰিৰ পৰাই সংক্ৰমিত এই ৰোগ ৰাজ্যখনত বিয়পি পৰিছে । কেৱল কাগজে পত্ৰই বন্ধ কৰা বুলি ঘোষণা কৰি শাসকীয় দলৰ ছিণ্ডিকেট চক্ৰৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চললৈ দৈনিক বহি:ৰাজ্যৰ গাহৰি আমদানি হৈ আছে । চৰকাৰ সদিচ্ছাৰ অভাৱৰ বাবেই আজি অসমৰ খিলঞ্জীয়া গাহৰি পালক সকলৰ বহু দূৰ্গতি হৈছে। পুঁজিপতি গোষ্ঠীৰ চক্ৰান্তত চৰকাৰে থলুৱা গাহৰি পালক সকলক পেটেভাতে মৰাৰ ষড়যন্ত্ৰ চলাইছে বুলি বহু লোকে মত প্ৰকাশ কৰিছে৷ কিছুবৰৰ আগতে অসমত থলুৱা নিবনুৱাই ব্ৰইলাৰ কুকুৰাৰ ফাৰ্ম খুলি আত্ম নিৰ্ভৰশীল হব লওঁতেই কাৰোবাৰ অভিসন্ধিত আৰম্ভ হৈছিল বাৰ্ড ফ্লু, ফাৰ্মে ফাৰ্মে গৈ বাৰ্ডফ্লুৰ নামত কুকুৰা মাৰি , থলুৱা ব্যৱসায়ীৰ ককাঁল ভাঙি দিয়াৰ ফলশ্ৰুতিত ব্ৰইলাৰৰ বজাৰ খন থলুৱাৰ হাতৰ পৰা কম্পেনীৰ হাতলৈ গুচি যোৱাৰ পিছত আশ্বৰ্যজনক ভাবে বাৰ্ডফ্লু নাইকীয়া হল। সেইদৰে, অলপ দিনৰ আগতে চৰকাৰৰ পৃষ্ঠপোষকতাতে অসমলৈ আহিছিল থাইলেণ্ডৰ গাহৰি মাংসৰ কোম্পানী। ৰাইজৰ প্ৰতিবাদত এই কোম্পানীয়ে থিতাপি লব নোৱাৰিলে যদিও চৰকাৰী পৃষ্ঠপোষকতাত বাহিৰৰ বেমাৰী গাহৰি অহৰহ আহিয়েই থাকিল, আৰু ৰহস্যজনক ভাবে এতিয়া ছোৱাইন ফ্লুৱে থলুৱাৰ বেপাৰীৰ কঁকাল ভাঙিছে পূৰ্বৰ বয়লাৰ কুকুৰাৰ পালক সকলৰ দৰে। এনেকৈ থলুৱা গাহৰি পালক সকলক ভাতে মাৰি বৃহৎ পুঁজিপতি গোষ্ঠীক গাহৰিৰ বজাৰ খন চমজাই দিয়াৰ চক্ৰান্তৰেই হয়তো ৰাজ্যত ছোৱাইন ফ্লুৰ বীজাণু বিয়পাই দিয়া বুলি বহু লোকে আশঙ্কা কৰিছে ৷