নিউজডেক্স, ৪ নবেম্বৰ,২০২৫ : নাজিৰা ৰাজহ চক্ৰৰ ধোপাবৰ মৌজাৰ লুথুৰী গাঁওৰ ৭১ নং ম্যাদী পট্টাৰ ৩৫৯ নং দাগৰ ৩ কঠা, ১২৫ নং ম্যাদী পট্টাৰ ৩৬০ নং দাগৰ ১ কঠা ১৯ লোচা আৰু ২০১ নং ম্যাদী পট্টাৰ তাবৎ ৩ বিঘা ১ কঠা ৮ লোচা, মুঠ ৪ বিঘা ১ কঠা ৭ লোচা ভূমিৰ মূল পট্টাদাৰ ঁ চৈয়দা সোণামাই বেগম তথা তেওঁৰ উত্তৰাধিকাৰীৰ অজ্ঞাতে জালিয়াতিৰে আন ব্যক্তিৰ নামত নামজাৰি কৰাৰ ভয়ঙ্কৰ অভিযোগ উণ্থাপিত হৈছে৷ এই সন্দৰ্ভত চৈয়দা সোণামাই বেগমৰ উত্তৰাধিকাৰীয়ে নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰা এক আবেদনৰ প্ৰতুত্তৰত এই ভয়ঙ্কৰ অনিয়ম আৰু জালিয়াতিৰ তথ্যৰ লগতে এই বিষয়ত কাৰ্যালয়টোৰ ‘হাতৰ জমাবন্দী’ আৰু ‘সদৰ জমাবন্দী’ৰ মাজত তথ্যৰ বিসংগতিৰ কথাও পোহৰলৈ আহিছে৷নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা ১৯/০৭/২০২৫ তাৰিখে সোনামাই বেগমৰ উত্তৰাধিকাৰীলৈ প্ৰেৰণ কৰা এন আৰ চি/বিবিধ/১/২০১৮-২০১৯/২০৬৫ নং পত্ৰত উল্লেখ কৰা হৈছে যে নাজিৰা ৰাজহ চক্ৰৰ অধীনৰ ধোপাবৰ মৌজাৰ লুথুৰী গাঁওৰ ৭১ নং ম্যাদী পট্টাৰ চৈয়দা সোণামাইৰ অংশৰ ৩৫৯ নং দাগৰ ৩ কঠা জমি আব্দুল মুজিদৰ নামত ৰাজহ চক্ৰ বিষয়াৰ ১৮/১২/২০০৮ তাৰিখৰ হুকুম মৰ্মে নামজাৰী হোৱাৰ পিছত কম্পিউটাৰ জমাবন্দীত ২১/১২/২০২২ তাৰিখে উক্ত হুকুম অন্তৰ্ভুক্ত কৰা হয় যদিও এই ভূমি হস্তান্তৰৰ ক্ষেত্ৰত পঞ্জীকৃত দলিল ব্যৱহাৰ কৰাৰ বিষয়ে কৰ্যালয়টো অৱগত নহয় বুলি জনায়৷কাৰণ চক্ৰ বিষয়াৰ শুকুমত কি ভিত্তিত এই ভূমি হস্তান্তৰিত হ’ল সেই বিষয়ে কোনো উল্লেখ নাই বুলি কোৱাটো ৰহস্যজনক কথা৷
ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰৰ উক্ত পত্ৰানুসৰি উল্লিখিত পট্টাৰ চাবেক পট্টাদাৰ চৈয়দা সোনামাইৰ পৰা খৰিদ সূত্ৰে ১ বিঘা ১ কঠা ১৩ লোচা ভূমি আব্দুল মুজিদলৈ আৰু ৩ কঠা মাটি খৰিদ সূত্ৰে দেবেন বড়ালৈ হস্তান্তৰিত হৈ নামজাৰি হৈছে বুলি কোৱা হৈছে যদিও মূল পট্টাদাৰ চৈয়দা সোনামাই বা তেওঁৰ উত্তৰাধিকাৰীয়ে এই ভূমি কেতিয়াও কাকো বিক্ৰী কৰা নাছিল আৰু জালিয়াতিৰেই মূল পট্টাদাৰৰ অজ্ঞাতেই এনেদৰে ভূমি হস্তান্তৰিত হয়৷ আনহাতে এইক্ষেত্ৰত কাৰ্যালয়ৰ ‘ হাতৰ জমাবন্দী ‘ আৰু ‘ সদৰ জমাবন্দী ‘ৰ মাজত মিল নাই বুলি কোৱাটোও এক ৰহস্যজনক ঘটনা ৷তদ্ৰুপ ভাবে ১২৫ নং পট্টাৰ ৩৬০ নং দাগৰ ১ কঠা ১৯ লোচা জমি চক্ৰ বিষয়াৰ ০৬/০৫/২০০৭ তাৰিখৰ হুকুম মতে খৰিদ আৰু দখল সূত্ৰে আব্দুল মুজিদৰ নামত মূল পট্টাদাৰ চৈয়দা সোনামাইৰ অজ্ঞাতে নামজাৰি হয় ৷ ঠিক তেনেদৰে ২০১ নং ম্যাদী পট্টাৰ ৩ বিঘা ১ কঠা ৮ লোচা জমি চক্ৰ বিষয়াৰ ১৩/১৩/২০০৩ তাৰিখৰ হুকুম মতে চাফাউদ্দিন আহমেদৰ নামত নামজাৰি হয় যদিও এই ভূমি হস্তান্তৰিত কৰাৰ ক্ষেত্ৰতো মূল পট্টাদাৰক অজ্ঞাতে ৰখা হয়৷ আশৰ্যজনক ভাবে উক্ত ভূমিৰ প্ৰকৃত গৰাকী চৈয়দা সোনামাই বা তেওঁৰ উত্তৰাধিকাৰীয়ে উল্লেখিত ভূমি বিক্ৰী কৰা নাই যদিও খৰিদ আৰু দখল সূত্ৰে (?) এই ভূমিৰ মালিকীস্বত্ব অবৈধ ভাবে আনলৈ হস্তান্তৰিত হোৱাৰ আঁৰত নাজিৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰীৰ এক বৃহৎ কেলেংকাৰীৰ কাহিনী লুকাই থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ এইক্ষেত্ৰত উপযুক্ত ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালটোৱে উৰ্দ্ধতন কৰ্তৃপক্ষৰ ওচৰ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এনেদৰেই নাজিৰা ৰাজহ চক্ৰৰ একাংশ অসাধু বিষয়া কৰ্মচাৰীয়ে বিগত বহু বছৰ ধৰি অবৈধ ভাবে গৰাকীৰ অজ্ঞাতে ভূমিৰ স্বত্ব হস্তান্তৰ কৰি বৃহৎ ভূ-কেলেঙ্কাৰী সংঘটিত কৰাৰ অভিযোগ উণ্থাপিত হৈ আহিছে আৰু চৰকাৰে এইক্ষেত্ৰত উপযুক্ত তদন্ত কৰিলে এনেকুৱা আৰু বহু অনিয়মৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷


