নিউজডেক্স,১৪ নবেম্বৰ,২০২৫ : শত বৰ্ষ গৰকা নাজিৰা নগৰখন পৌৰসভাৰ অদূৰদৰ্শী পদক্ষেপৰ বাবে বিগত বহুদিন ধৰি এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যোৱাত স্থানীয় জনসাধাৰণ বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ নগৰখনৰ স্বাভাবিক জল নিস্কাষণৰ পথ ৰুদ্ধ কৰি য’তে ত’তে অপৰিকল্পিত ভাবে ঘৰ নিৰ্মাণৰ অনুমতি দিয়াৰ ফলশ্ৰুতিত দিনক দিনে নগৰখনত কৃত্ৰিম বানৰ সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷নগৰখনৰ দহটা ৱাৰ্ডৰ প্ৰায় সকলো ৱাৰ্ড বিশেষকৈ ২ ,৩ ,৪, ৫, ৭, ৮, ৯ আৰু ১০ নং ৱাৰ্ডৰ বাসিন্দাই দীৰ্ঘদিন ধৰি কৃত্ৰিম বানত জীয়াতু ভূগাৰ লগতে এজাক ডাঙৰ বৰষুণ হলেই এই অঞ্চলৰ বহু ঘৰ বাৰীৰ লগতে বাট পথ সমূহো পানীত ডুব যায়৷নগৰ খনৰ জনতাই বিগত বহু দিনৰ পৰা পৌৰসভাক এই কৃত্ৰিম বান ৰোধৰ বাবে পৰিকল্পিত ভাবে নলা- নৰ্দমা নিৰ্মাণৰ হকে দবী উণ্খাপন কৰি আহিছে যদিও পৌৰসভাই নগৰখনৰ বৰ্জিত পানী সমূহ ক’ত পেলাব তাক নিৰ্দ্ধাৰণ নকৰাকৈয়ে নৰ্দমাৰ নামত আবণ্টিত ধন ব্যয় কৰি নগৰখনত যধে মধে ‘টেঙ্কি’ সদৃশ অপৰিকল্পিত নৰ্দমা নিৰ্মাণ কৰিয়েই ৰাইজক আভুৱা ভৰা পৰিলক্ষিত হৈছে৷ ফলত এজাক ডাঙৰ বৰষুণ দিলেই এই নৰ্দমা সমূহে বহন ক্ষমতা হেৰুৱাই অকামিলা হৈ সমগ্ৰ অঞ্চল জলমগ্ন কৰি তোলে৷ নগৰখনৰ প্ৰায়বোৰ ৱাৰ্ডত এই কৃত্ৰিম বানৰ সমস্যা অব্যাহত থকাৰ সময়তেই এই সমস্যা সমাধানৰ নামত পৌৰসভাই উপযুক্ত জৰীপ অবিহনে নগৰখনৰ জয়খামডাঙ পথৰ কাষেদি তেৰা বেঁকাকৈ তিনিকোটিৰো অধিক টকা ব্যয়েৰে এটা “মাষ্টাৰ ড্ৰেইন ” নিৰ্মাণৰ পৰিকল্পনা কৰা কাৰ্যই নাগৰিক সকলক বিতুষ্ট কৰি তুলিছে৷ এই মাষ্টাৰ ড্ৰেইনত সংযোগ হবলগীয়া নগৰখনৰ বিভিন্ন ৱাৰ্ডৰ সংযোগী নলা সমূহ নিৰ্মাণ তথা কোন কোন স্থানত এই সংযোগী নলা সমূহ মাষ্টাৰ ড্ৰেইনৰ লগত সংযোগ কৰা হব সেই বিষয় তথা স্থান নিৰ্দ্ধাৰণ নকৰাকৈ কেৱল মাষ্টাৰ ড্ৰেইনৰ নামত আবণ্টিত ধন লুণ্ঠনৰ চক্ৰান্তৰে নাজিৰা পৌৰসভাই এনেদৰে অপৰিকল্পিত ভাবে ড্ৰেইন নিৰ্মাণ কৰিলে নগৰখনত কৃত্ৰিম বানপানীৰ সমস্যা বৃদ্ধি হোৱাৰহে সম্ভাবনা আছে বুলি বহু নাগৰিকে আশঙ্কা প্ৰকাশ কৰিছে৷ কাৰণ প্ৰস্থাবিত মাষ্টাৰ ড্ৰেইনৰ যোগেদি পৌৰ সভাই নগৰ খনৰ বৰ্জিত পানী সমূহ নাজিৰা বৰতলৰ নাপুক নদীত পেলোৱাৰ কথা কৈছে যদিও এই নদীখনৰ গভীৰতা আৰু বহন ক্ষমতা তেনেই কম হোৱাৰ বাবে এজাক ডাঙৰ বৰষুণ দিলেই নদীখন ওফন্দি ইয়াৰ কাষৰীয়া অঞ্চল বানপানীয়ে বুৰাই পেলাই৷ গতিকে এনে এখন বাম নদীত মাষ্টাৰ ড্ৰেইনটো সংযোগ কৰিলে বাৰিষা পানীয়ে ওভতনি মাৰি নগৰখনৰ একাংশ বুৰাই পেলোৱাৰ আশঙ্কাই বেছি৷ তদুপৰি কোনো কোনো লোকৰ ন্যস্তস্বাৰ্থ পূৰণৰ বাবে এই মাষ্টাৰ ড্ৰেইনটো সমান্তৰাল ভাবে নিৰ্মাণ কৰাৰ পৰিবৰ্তে একাবেঁকা কৈ নিৰ্মাণ কৰি একাংশ লোকক চৰকাৰী ভূমি এৰি দিয়াৰো গুৰুতৰ অভিযোগ উণ্থাপিত হৈছে আৰু পৌৰ প্ৰশাসনে নলা নিৰ্মাণৰ আগতে ভূমিৰ জৰীপ চলাই এনে বেদখল ৰোধ কৰি পৰিকল্পিত ভাবে আহল বহলকৈ এই মাষ্টাৰ ড্ৰেইন নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে দাবী জনোৱাৰ লগতে পৌৰসভাৰ এনে অপৰিকল্পিত কামৰ বিৰুদ্ধে আজি নাজিৰা নাগৰিক সমিতিয়ে সমজিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰি জৰুৰী ভাবে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছে৷আনহাতে আমি আজি মাষ্টাৰ ড্ৰেইন নিৰ্মাণ স্থানলৈ যাওঁতে ৫,৭ ,৮ আৰু ৯ নং ৱাৰ্ডৰ সংযোগী নলাৰ বাবে মাষ্টাৰ ড্ৰেইনত কোনো ছিদ্ৰ ৰখা দৃষ্টিগোচৰ নহল আৰু এনেকৈয়ে মাষ্টাৰ ড্ৰেইন নিৰ্মাণ হলে উল্লেখিত ৱাৰ্ড কেইটাৰ কৃত্ৰিম বানৰ সমস্যা সমাধান হোৱাৰ আশা ক্ষীণ ৷



