

নিউজডেক্স, ১৬ নৱেম্বৰ,২০২৫ : নাজিৰা প্ৰেছ ক্লাব,নাজিৰা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত তথা নাজিৰা সাংবাদিক মঞ্চ আৰু সমজিলা প্ৰশাসনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি নাজিৰা এম.চি. ক্লাৱত ৫৯ সংখ্যক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি ভাস্কৰজ্যোতি বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত —“বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান” শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰি চাৰিঙৰ শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বিদ্যানন্দ বৰকাকতিয়ে বৰ্তমান সময়ত সংবাদ ক্ষেত্ৰখনে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত বিশদ ভাবে আলোচনা কৰে৷ তেখেতে সংবাদসেৱী সকলক সকলোক্ষেত্ৰতে সচেষ্ট আৰু সতৰ্ক হৈ নিৰপেক্ষ ভাবে সংবাদ পৰিবেশন কৰিবৰ বাবে আহ্বান জনায়৷ ভুল আৰু মিছা তথ্যৰে বাতৰি পৰিবেশনৰ পৰা বিৰত থাকি কষ্টৰে সত্য আৰু শুদ্ধ বাতৰি পৰিবেশনৰ বাবে সংবাদদাতা সকলক আহ্বান জনায়৷ গড়গাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড: জিতু শইকীয়াই কয় যে গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে গণ মাধ্যমৰ গুৰুত্ব অপৰিসীম,মোৰ পঞ্চাশ বছৰীয়া জীৱনত কোনোদিনেই শাসকে সংবাদ মাধ্যমক প্ৰশ্ন কৰা মই দেখা নাছিলো,এতিয়াহে দেখিছো আৰু ই সুস্থ গণতন্ত্ৰৰ বাবে শুভলক্ষণ নহয়৷ সত্যানুসন্ধান কৰি ইয়াক সমাজৰ হিতৰ বাবে ব্যৱহাৰ কৰাটোৱেই প্ৰতিজন সাংবাদিকৰ লক্ষ্য হোৱা উচিত বুলি মত প্ৰকাশ কৰি ড° শইকীয়াই উল্লেখ কৰে যে ৰাতিপুৱাৰ চাহকাপৰ দৰে পুৱাৰ বাতৰি কাকত খন আমাৰ বাবে মেণ্টেল ব্ৰেকফাষ্ট সদৃশ গতিকে আমাৰ সাংবাদিক সকল নিজ নিজ কৰ্মত কষ্টসহিষ্ণু হৈ সত্যাণ্বেষী হোৱা প্ৰয়োজন৷ অধ্যাপক অনিল তাঁতীয়ে কয় যে বিভ্ৰান্তিমূলক বাতৰিয়ে সমাজখনত বিশৃংখলতাৰ সৃষ্টি কৰে আৰু এইক্ষেত্ৰত সাংবাদিক সকল সচেষ্ট হৈ অকুতোভয়ে সমাজ নিৰ্মাণৰ কামত আগবাঢ়ি যাবৰ বাবে তেওঁ আহ্বান জনায়৷ শিৱসাগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলিপ ফুকন নাজিৰাৰ তথ্য আৰু জনসংযোগ বিষয়া ড: বৰ্ণালী দত্তই ভাষণ প্ৰদান কৰা এই সভাত চিপি আই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে৷ নাজিৰা প্ৰেছ ক্লাবৰ মুখপাত্ৰ ধ্ৰুৱজ্যোতি গগৈ আৰু সাংগঠনিক সম্পাদক মুনীন্দ্ৰ শইকীয়াই যুটীয়াকৈ আঁতধৰা উক্ত অনুষ্ঠানতে নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক তথা নিবন্ধকাৰ বুলু চেতিয়া,প্ৰবীণ সাংবাদিক তথা অৱসৰী অধ্যক্ষ প্ৰশান্ত কলিতা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰকাশ বৰঠাকুৰক সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰ সমান্তৰালভাৱে আন দুজন প্ৰবীণ সাংবাদিক বীৰেন শৰ্মা আৰু অনুজ ৰাজখোৱাক তেওঁলোকৰ গৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি পুৱা নাজিৰা প্ৰেছ ক্লাবৰ সন্মুখত পতাকা উত্তোলন কৰাৰ পিছত গছপুলি ৰোপণ কৰে দুই জ্যেষ্ঠ সাংবাদিক বুলু চেতিয়া আৰু ধ্ৰুৱজ্যোতি সন্দিকৈয়ে ৷ নৱ বুঢ়াগোহাঁয়ে আঁতধৰা আৰু ধ্ৰুৱজ্যোতি সন্দিকৈয়ে স্মৃতি তৰ্পণ কৰা অনুষ্ঠানত প্ৰেছ ক্লাবৰ লগতে নাজিৰা সাংবাদিক মঞ্চৰ বিষয়-ববীয়া সকল উপস্থিত থাকে ৷ অনুষ্ঠানৰ মাজতে সংগীতেৰে পৰিবেশটো জীপাল কৰা শিল্পী দিলীপ দাস,ৰূপম দেওঘৰীয়াই সকলোকে আপ্লুত কৰে ৷ এই অনুষ্ঠানত নাজিৰাৰ কৰ্মৰত প্ৰতিজন সাংবাদিককে গামোচাৰে আদৰণি জনোৱা হয় ৷

