

নিউজডেক্স,২ডিচেম্বৰ,২০২৫ :অসমীয়া জাতিৰ জনক তথা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মহান আদৰ্শ আৰু অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই আজি তেখেতৰ স্মৃতিত অসম দিৱসৰ ঐতিহাসিক দিনটোক স্মৰণ কৰি , টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত তথা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিৰ সহযোগত নাজিৰা চাৰি আলিৰ সমীপত নিৰ্মাণ কৰা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ শুভ উদ্ধোধন কৰে অসম চৰকাৰৰ জল সম্পদ , তথ্য , জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে দুশ গৰাকী মুলঙৰ দ্বাৰা বানফি পূজা অনুষ্ঠিত কৰাৰ পিছতে
প্ৰতিমূৰ্তি উন্মোচন স্থানৰ পৰা নাজিৰা খেলপথাৰ লৈ এক সাংস্কৃতিক শোভাযাত্ৰা কৰা হয়। অসম দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগ, টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসন আৰু আটাছু নাজিৰা মহকুমা সমিতিৰ সহযোগত নাজিৰা খেল পথাৰত এক মুকলি সভাৰ আয়োজন কৰা হয়। সভাৰ আৰম্ভণিতে আমন্ত্ৰিত ২০০ গৰাকী টাই শিল্পীৰ দ্বাৰা আইচিং লাও, ইয়াৰ পৰবৰ্তী সময়ত অসম সংগীত আৰু স্থানীয় শিল্পীৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে, আজিৰ সভাৰ সন্মানীয় বক্তা সকলে চ্যুকাফাক অসমীয়া জাতিৰ স্ৰষ্টা আৰু দ্ৰষ্টা বুলি আখ্যা দিয়ে। আহোম সকলৰ ৬০০ বছৰীয়া ৰাজত্বৰ সোনোৱালী ঐতিহ্যৰ বিষয়ে বৰ্ণনা কৰি বক্তা সকলে স্বৰ্গদেউ চ্যুকাফাই অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধি সংহতি,সমণ্বয় আৰু সম্প্ৰীতিৰ মন্ত্ৰৰে বৃহত্তৰ অসমীয়া জাতি গঢ়ি তুলিছিল বুলি কয়৷উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা বিভাগ, উদ্যোগ , বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিমল বড়া লগতে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে, পাৰ্বত্য অঞ্চল উন্নয়ন, সমবায় আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী যোগেন মহন আৰু জলসম্পদ, তথ্য আৰু জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী পীয়ুষ হাজৰীকাৰ লগতে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰ, মৰাণ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী চক্ৰধৰ গগৈ, আমগুৰি বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী প্ৰদীপ হাজৰীকা আৰু থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী সুশান্ত বৰগোহাঁই, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল দাস, অসম চাহ নিগমৰ অধ্যক্ষ শিৱপ্ৰসাদ বদ্ৰা, বিশিষ্ট সমাজকৰ্মী বিতুপন ৰাইদিহিঙীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি। উল্লেখ্য যে, আজিৰ অনুষ্ঠানত টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা প্ৰয়াত গণশিল্পী ডামচাও ৰাজীৱ শদীয়াৰ পৰিয়াল বৰ্গলৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।