নিউজডেক্স,৫ডিচেম্বৰ,২০২৫ : নাজিৰা মহকুমাৰ গড়গাঁওত থকা আহোম স্বৰ্গদেউ সকলৰ স্মৃতি বিজড়িত ঐতিহাসিক কাৰেং ঘৰ দৰ্শনৰ বাবে দেশে বিদেশী বহু পৰ্যতক আহে যদিও ইয়াৰ চৌহদত থকা শৌচালয় তথা প্ৰসাৱগাৰৰ দুৰাৱস্থাৰ বাবে পৰ্যতকে জীয়াতু ভূগিবলগীয়া হয়৷ বিগত বহু দিনৰ পৰা এই শৌচালয় তথা প্ৰসাৱগাৰত পানী যোগান নথকাৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ পৰা পৰিলক্ষিত হৈছে৷ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ দৰে মৌলিক সুবিধাৰ অভাৱত পৰ্যতক তথা দৰ্শনাৰ্থীয়ে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়াত পৰিছে।আহোম স্বৰ্গদেউ সকলৰ দিনৰ চৰাইদেউৰ মৈদাম ক্ষেত্ৰক ইউনেস্কই বিশ্ব ঐতিহ্য ক্ষেত্ৰ ( ৱল্ড হেৰিটেজ চাইট) ৰূপে ঘোষণা কৰাৰ সময়তে আহোমৰ ৰাজধানী গড়গাঁওৰ কাৰেংঘৰৰ চৌহদত পৰ্যতকৰ বাবে শৌচালয় আৰু প্ৰসাৱগাৰৰ ব্যৱস্থা নথকাটো কেৱল দুখজনকেই নহয় লজ্জাজনক কথা ৷সংশ্লিষ্ট কৰ্তৃপক্ষই এইক্ষেত্ৰত জৰুৰী ভাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি বহু লোকে মত প্ৰকাশ কৰিছে৷



