নিউজডেক্স,৯ডিচেম্বৰ,২০২৫:অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আজি নাজিৰা মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৯৭ নং নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ডৰ নিৰ্বাচিত হিতাধিকাৰী সকলক গৃহ নিৰ্মাণৰ প্ৰথম কিস্তিৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। সভাত নাজিৰাৰ সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰতিনিধি জিন্টি ৰাজকুমাৰী, নাজিৰা আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ কাউন্সিলৰ ক্ৰমে পৰিণীতা শইকীয়া আৰু আশাবন্তী বদ্ৰা, নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সহকাৰী সম্পাদক বিজয় চন্দ্ৰ বৰাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷বন্তি প্ৰজ্বলনেৰে সভাৰ শুভ আৰম্ভণি কৰাৰ পিছতে নিৰ্বাচিত ১০ গৰাকী হিতাধিকাৰীক মঞ্চত অনুমোদন পত্ৰ বিতৰণ কৰা হয়।
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

