
নিউজডেক্স,৯ডিচেম্বৰ,২০২৫: নাজিনাজিৰা নগৰৰ সোঁমাজদি যোৱা ঐতিহাসিক ধোদৰ আলিৰ প্ৰায় পাঁচ কিলোমিটাৰ দৈঘ্যৰ এই পথছোৱাৰ মুঠ প্ৰস্থ (দুয়োকাষৰ নৰ্দমা ধৰি) হব ১২ মিটাৰ, ইয়াৰে গাড়ী অহা যোৱা কৰা মূল অংশৰ প্ৰস্থ হব ৭ মিটাৰ আৰু ৰাষ্টাৰ কাষটো হব ৩ মিটাৰ প্ৰস্থৰ৷আনহাতে ৰাষ্টাটোৰ দুয়ো কাষে ১ মিটাৰ প্ৰস্থৰ পকী নৰ্দমাৰ ব্যৱস্থা কৰা হব৷ অৱশ্যে লোকনিৰ্মাণ বিভাগে আমাক জনোৱা মতে প্ৰয়োজন সাপেক্ষে নাজিৰা নগৰৰ স্থান বিশেষে দুই এঠাইত ধোদৰ আলিৰ প্ৰস্থৰ হ্ৰাস-বৃদ্ধি হ’ব পাৰে৷
এই আচঁনিৰ অধীনতে দিখৌ নৈৰ ওপৰত থকা দলংখনৰ সমান্তৰাল ভাবে আৰু এখন চাৰিশিৰীয়া(ফ’ৰ লেন) পকী দলং নিৰ্মাণ কৰা হ’ব৷বৰ্তমান বালিঘাটৰ দিখৌ দলঙৰ সমীপত প্ৰাৰম্ভিক পৰ্যায়ত ধোদৰ আলি পুনৰনিৰ্মাণ কামৰ আৰম্ভণি কৰা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই আমাক জনায় ৷ বহুদিন পূৰ্বেই বিভাগে অনুমোদন দিয়াৰ পিছতো বিভিন্ন কাৰণত কেইবাবছৰৰ হোঁহোকা-পিচলাৰ অন্তত পুনৰ্নিমাণ হবলগীয়া নাজিৰা নগৰৰ ধোদৰ আলিৰ এই পথছোৱাৰ কাম সুচাৰুৰূপে সম্পন্ন কৰিবৰ বাবে সচেতন ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে৷

