Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
    • নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন
    • প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
    • দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
    • নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
    • যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
    • তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
    • চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » নাজিৰাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কম্পিউটাৰত শূন্য হৈ পৰিল ঐতিহাসিক দেওধাই পুখুৰীৰ জমি
    Assam

    নাজিৰাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কম্পিউটাৰত শূন্য হৈ পৰিল ঐতিহাসিক দেওধাই পুখুৰীৰ জমি

    newshuntneBy newshuntneDecember 13, 2025No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজডেক্স,১৩ ডিচেম্বৰ,২০২৫: আহোম স্বৰ্গদেউ সকলৰ দিনৰ ঐতিহাসিক পুখুৰী সমুহৰ এটা অন্যতম নাজিৰা নগৰৰ মধ্যস্থলত থকা  দেওধাই পূখুৰী বৰ্তমান লুপ্তপ্ৰায় হৈ পৰিছে ৷ আজিও পুৰাতত্ত্ব বিভাগ তথা চৰকাৰৰ  দৃষ্টিত নপৰা এই ঐতিহাসিক  দেওধাই পুখুৰীটো সংৰক্ষণৰ অভাৱত এতিয়া নিশ্চিহ্ন হোৱাৰ পথত।আহোমৰ ৰাজধানী গড়গাঁওৰ পৰা নাতিদূৰৰ দিখৌ নদীৰ দক্ষিণ পাৰত তথা পৰবৰ্তী সময়ৰ ধোদৰ আলি আৰু ৰেল লাইনৰ মাজত থকা ঐতিহাসিক দেওধাই পুখুৰীটো আহোমৰ তিনি খেলৰ পুৰোহিত দেওধাই খেলক সেই স্থানতে থাকিবলৈ দিয়া হৈছিল  আৰু তেওঁলোকৰ  সুবিধাৰ্থে ৰজাই এই পুখুৰী খন্দাই দিছিল ৷  অসমত থকা আহোম ৰাজত্ব কালৰ পুখুৰী সমুহৰ মাজত দেওধাই সকলৰ নামত কেৱল নাজিৰাতহে দেওধাই পুখুৰী  থকাৰ কথা বুৰঞ্জীত  পোৱা যায় । এই পুখুৰীটো কেৱল মাত্ৰ পুৰোহিত সকলৰেই গৌৰৱ আৰু গৰিমাৰ প্ৰতীক নহয় , ই  সমগ্ৰ অসমীয়া জাতিৰ এক ঐতিহাসিক সমল   ৷আজি নাজিৰাৰ দেওধাই পুখুৰীৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে৷ বহু লোকে পুখুৰীৰ মাটি বেদখল কৰাৰ উপৰিও সমীপৰ বহু লোকে বৰ্জিত আৰ্বজনা পেলোৱা ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰা পুখুৰীটো বৰ্তমান দুৰ্গন্ধময় পৰিবেশত পিতনি সদৃশ হৈ পৰাত  বিভিন্ন অপতৃণে পুখুৰীটো  পুতি পেলাইছে৷কেৱল মাত্ৰ পুখুৰীটোলৈ যোৱা পথটোৰ নাম  পুৰোহিত সকলৰ নামেৰে “দেওধাই ”পথ বুলি নামকৰণ কৰিয়েই দায়িত্ত্ব সামৰিছে সংশ্লিষ্ট বিভাগ তথা চৰকাৰে ৷ সময় থাকোতেই এই পুখুৰীটো সংৰক্ষণ নকৰিলে হয়তো এদিন এই পুখুৰী নিশ্চিন্ন হৈ বুৰঞ্জীৰ এক সোণালী অধ্যায়ৰ যবনিকা পৰাৰ লগতে নোহোৱা হ’ব ইয়াক লৈ সৃষ্টি হোৱা বহু  জনশ্ৰুতিৰ  ৷ গতিকে সময় থাকোতেই চৰকাৰ তথা পুৰাতত্ত্ব বিভাগে এই ঐতিহাসিক সমল সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত৷স্বৰ্গদেউ চুহিফপঙফা বা গৌৰীনাথ সিংহৰ ৰাজত্ব কালত(১৭৮০-১৭৯৫) নাজিৰাৰ মধ্যস্থলত থকা দেওধাই পুখুৰী খন্দোৱাইছিল ৷ ইতিহাস প্ৰেমী ব্যক্তি দ্বীপজ্যোতি বৰগোহাঁইৰ মতে এই ঐতিহাসিক পুখুৰীটোৰ পাৰত ঘৰৰ খুঁটা পুতিবৰ  বাবে গাঁত খান্দোতে ভগ্ন ৰূপত  বহু ঐতিহাসিক সমল উদ্ধাৰ হৈছিল বুলি স্থানীয় লোকে তেওঁক অৱগত কৰিছিল৷
    আনহাতে আমি এই দেওধাই পুখুৰীৰ ভূমি সন্দৰ্ভত নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰা এক আৰ- টি -আই আবেদনৰ প্ৰত্যুত্তৰত বিভাগটোৱে আমাক জনায় যে লাট মণ্ডলৰ প্ৰতিবেদন মৰ্মে কাৰ্যালয়ৰ হাতৰ নথিত উক্ত পুখুৰীৰ মাটিৰ পৰিমাণ ২বিঘা ১৪ লোচা আছিল যদিও বিভাগৰ কম্পিউটাৰত জমি শূন্য হৈ থকা দেখা যায়৷ সংৰক্ষণৰ অভাৱত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হোৱা এই ঐতিহাসিক দেওধাই পুখুৰীৰ ভূমিৰ তথ্যও অৱশেষত ৰাজহ বিভাগৰ কম্পিউটাৰত নথকা কাৰ্যই এনে ঐতিহাসিক সমলৰ প্ৰতি চৰকাৰী অৱহেলাকেই প্ৰতিফলিত কৰিছে৷এই সন্দৰ্ভত আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ (আটাছুৰ) কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ লগত যোগাযোগ কৰাত তেওঁ এই দেওধাই পুখুৰী সংৰক্ষণৰ বিষয়ত আটাছুৱে এক সৱল ভূমিকা গ্ৰহণ কৰিব বুলি কোৱাৰ লগতে এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে৷গগৈয়ে আমাক কয় যে আটাছুৱে এই ঐতিহাসিক পুখুৰীটো সংৰক্ষণৰ ক্ষেত্ৰত যথোপযুক্ত  ব্যৱস্থা গ্ৰহণ কৰিব ৷
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Leave A Reply Cancel Reply

    Top Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Don't Miss

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    By newshuntneJanuary 28, 2026

    নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয়…

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Most Popular

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.