নিউজডেক্স,১৫ডিচেম্বৰ: শিৱসাগৰ জিলাৰ খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা১২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰিয়া সপ্তাহ বিভিন্ন কাৰ্যসুচীৰে আজি ১৫ ডিচেম্বৰ তাৰিখে সামৰণি পৰে। এই উপলক্ষে বিদ্যালয়ৰ অধ্যক্ষ আনন্দ বৰাৰ অধ্যক্ষতাত ছাত্ৰ একতা সভাৰ সভাপতি দেৱাশিষ বৰুৱা আৰু পিঙ্কু দত্তই আঁত ধৰা বঁটা বিতৰণি আৰু মুকলি সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ আনন্দ বৰাই ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত বিদ্যালয় সপ্তাহৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰি কয় – ভবিষ্যত জীৱন গঢ় দিয়াত বিদ্যালয়ৰ এই অনুষ্ঠান সমুহে বিশেষ ভাবে প্ৰভাৱ পেলায় আৰু এখন সুষ্ঠ সবল সমাজ গঢ়াত অনবদ্য ভূমিকা গ্ৰহন কৰে । চলিত বৰ্ষত সৰ্বাধিক ৭১ সংখ্যাক প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক আজি মান পত্ৰ , ট্ৰফী, গ্ৰন্থ আৰু মেডেল প্ৰদান কৰি উৎসাহিত কৰাটো তাৎপৰ্য পূৰ্ণ।এই বছৰ আউট ড’ৰ আৰু ইনড’ৰ খেল সমুহৰ লগতে জ্যোতি-বিষ্ণু জুবিন সঙ্গীত, ৰংগুলি,সাজপাৰ , কুঁইজ ,চালাদ , পিঠপনা, অঙ্কৰ দৌৰ, স্মৃতি পৰিক্ষা,বানান প্ৰতিযোগিতা, থলিতে লিখা ৰচনা , কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, তৰ্ক আদিৰ উপৰি বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে আকৰ্ষণ কৰে।
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

