নিউজডেক্স,২৩ডিচেম্বৰ,২০২৫ : নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত থকা নাজিৰা সমজিলাৰ অন্তৰ্গত নিম্ন প্ৰাথমিক,মধ্য ইংৰাজী আৰু মজলীয়া বিদ্যালয় সমূহত প্ৰায় সহস্ৰাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে কাম কৰি আছে যদিও নাজিৰাৰ মুঠ ৩১৯ খন এনে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰছাত্ৰীৰ সংখ্যা ২৭০৭৭ জনহে, অৰ্থাৎ বিদ্যালয়ে প্ৰতি প্ৰায় ৮৪জন৷
চৰকাৰী নিৰ্দ্দেশনা অনুসৰি প্ৰতিখন বিদ্যালয়ত ৩০ জন ছাত্ৰছাত্ৰীৰ বিপৰীতে এজনকৈ শিক্ষক/শিক্ষয়িত্ৰী থাকিব লাগে ৷সেই অনুপাতে নাজিৰাৰ মুঠ ২৭০৭৭ জন ছাত্ৰছাত্ৰীৰ বিপৰীতে প্ৰায় ৯০৩ জন শিক্ষক-শিক্ষয়িত্ৰী থাকিব লাগে যদিও নাজিৰাত এই পৰিমাণতকৈ বহু অধিক সংখ্যক , প্ৰায় ১২০০ জন শিক্ষক-শিক্ষয়িত্ৰী নিয়োজিত হৈ আছে৷ কিন্তু নাজিৰাৰ নগৰাঞ্চল বা সুচল স্থানত থকা প্ৰায়বোৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰছাত্ৰীৰ বিপৰীতে অধিকসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী নিয়োজিত হৈ থকাৰ সময়তে দূৰণিবটীয়া,প্ৰান্তীয় বিদ্যালয় সমূহত ছাত্ৰছাত্ৰীৰ অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা তেনেই নগণ্য ৷ নাজিৰাৰ বিদ্যালয় সমূহত শিক্ষক-শিক্ষয়িত্ৰীৰ সম বিতৰণ নোহোৱা কাৰ্যই শিক্ষাৰ গুণগত মান নিম্নগামী কৰি তুলিছে যদিও এইক্ষেত্ৰত উন্নয়নৰ শ্লগান আওৰাই থকা চৰকাৰ আশ্বৰ্যজনক ভাবে নিমাত৷আনহাতে অসমীয়া মাধ্যমৰ এই চৰকাৰী বিদ্যালয় বোৰত অধ্যয়নৰত ছাত্ৰছাত্ৰীৰ সংখ্যা দিনক দিনে কমি যোৱাটো অত্যন্ত উদ্বেগজনক কথা ! চৰকাৰে এই বিদ্যালয় সমূহৰ পৰিকাঠামো উন্নয়ন তথা শিক্ষক-শিক্ষয়িত্ৰীৰ দৰমহাৰ বাবে কোটি কোটি টকা খৰছ কৰি থকাৰ পিছতো এই চৰকাৰী বিদ্যালয় সমূহৰ গুণগত মানদণ্ড উন্নত নোহোৱাৰ বাবেই আজিও বহু সচেতন অভিভাৱকে নিজৰ ল’ৰা ছোৱালীক অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়োৱাবলৈ বেয়া পায়৷আনহে নালাগে স্বয়ং এই বিদ্যালয় সমূহত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীয়েও নিজৰ ল’ৰা ছোৱালীক নিজে কাম কৰা বিদ্যালয়ৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়োৱায় আৰু এনে কাৰ্যই চৰকাৰী বিদ্যালয়ৰ নিম্ন মানদণ্ডৰ ছবিকেই প্ৰতিফলিত কৰে৷

