Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    • নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
    • নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
    • असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
    • অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
    • নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
    • অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
    • গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :
    Assam

    চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

    newshuntneBy newshuntneJanuary 4, 2026Updated:January 4, 2026No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজডেক্স, ৪ জানুৱাৰী, ২০২৬ : : বহু পৰিকল্পনা আৰু প্ৰত্যাশাৰ অন্তত   বিগত ২০২৪ চনৰ ১২ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই   নাজিৰাৰ চানবছা গাঁৱত  ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানিমুখী গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ শুভ  উদ্বোধন কৰিছিল যদিও আজিও সেই প্ৰকল্প কাৰ্যক্ষম নহল।
    কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্যত আঠ বিঘা মাটিত অত্যাধুনিক প্ৰযুক্তিৰে এই গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প  স্থাপন কৰা হৈছিল  । ১১.৪৪ কোটি টকাৰ এই উদ্যোগটোৰ মূল উদ্দেশ্য আছিল মূলতঃ দক্ষিণ এছিয়াৰ দেশসমূহলৈ গাহৰিৰ মাংস ৰপ্তানি কৰা, উত্তৰ-পূবাঞ্চলত গাহৰিৰ মাংসৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰা আৰু অসমৰ গাহৰি পালকসকলৰ বাবে আৰ্থিক লাভৰ সৃষ্টি কৰা।
     বহু প্ৰত্যাশিত এই প্ৰকল্পটো উদ্ধোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কৈছিল—‘গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্পটোৰ মূল উদ্দেশ্য হৈছে গাহৰিৰ মাংস ৰপ্তানি কৰা।প্ৰথম অৱস্থাত ই চালুকীয়া ভাবে চলিব আৰু পিছত আমি ইয়াক এটা ভাল ব্ৰেণ্ড হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিম।…এই উদ্যোগটোত দিনটোত ২০০ৰ পৰা ৩০০টা গাহৰিৰ প্ৰয়োজন হ’ব।কেৱল শিৱসাগৰ জিলাতে ৬০ হাজাৰ গাহৰি আছে। লাহে লাহে আমি স্থানীয় লোকক উন্নত মানৰ গাহৰিৰ পোৱালি প্ৰদান কৰি  গাহৰি পালনৰ ব্যৱস্থা কৰিম।তাৰ পিছত আমি তেওঁলোকৰ পৰা নূন্যতম সমৰ্থন মূল্যত গাহৰি ক্ৰয় কৰিম।”
    বহু কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পৰ ভিতৰত বাতানুকুলীন ভাবে জীয়া গাহৰি সংগ্ৰহ কৰাৰ পৰা অত্যাধুনিক কাৰিকৰী প্ৰক্ৰিয়াৰে মাংসৰ পেকেট প্ৰস্তুত আৰু বিপননৰ লৈকে পশ্চিমীয়া দেশৰ উন্নত কাৰিকৰী পদ্ধতি প্ৰয়োগ কৰাৰ কথা আছিল যদিও সকলো যেন ফুটুকাৰ ফেনতহে পৰিণত হল৷সেই সময়ৰ অসমৰ পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ৰানোজ পেগু আদিৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্পটোৱে অসমৰ প্ৰায় ১৬ হাজাৰ পৰিয়ালক উপকৃত কৰাৰ উপৰিও ১০০ জন লোকক প্ৰত্যক্ষ কৰ্মসংস্থাপন প্ৰদান কৰাৰ সম্ভাৱনা আছে বুলি সেই সময়ত মুখ্যমন্ত্ৰীয়ে মত ব্যক্ত কৰিছিল যদিও বৰ্তমান এই প্ৰকল্প প্ৰসহনত পৰিণত হোৱাহে দেখা গৈছে।
    কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ অংশস্বৰূপে এই  উদ্যোগটোত পেকেট বা প্ৰক্ৰিয়াকৰণ কৰা গাহৰিৰ মাংস ম্যানমাৰ, চীন, লাওছ, কম্বোডিয়া, ভূটান,ফিলিপাইন, ভিয়েটনাম, ছিংগাপুৰৰ দৰে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগতে পশ্চিমীয়া দেশসমূহৰ কিছুমান উচ্চ পৰ্যায়ৰ বজাৰলৈ
    ৰপ্তানি কৰা হ’ব বুলিও চৰকাৰী ভাবে ঘোষণা কৰা হৈছিল যদিও সময়ত সকলো অসাৰ প্ৰতিপন্ন হয় ৷জে এছ বি প্ৰচেছড ফুড এক্সপ’ৰ্টছ প্ৰাইভেট লিমিটেড আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম (এ এল পি চি অ’)ৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্পটো দহ বছৰৰ বাবে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পি পি পি) মোডত কাম কৰাৰ কথা আছিল। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ ট্ৰেড ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ এক্সপ’ৰ্ট আঁচনিৰ অধীনত এই উদ্যোগটোৰ বাবে ১১.৪৪ কোটি টকা অনুমোদন জনাইছিল। প্ৰকল্পটোৰ বাবে পুঁজিৰ ধৰণ ৮০:২০ অনুপাতৰ ওপৰত ভিত্তি কৰা হৈছিল , য’ত ৮০ শতাংশ কেন্দ্ৰীয় অংশীদাৰিত্ব আৰু ২০ শতাংশ ৰাজ্যিক অংশীদাৰিত্ব আছিল। কিন্তু অপৰিকল্পিতভাৱে কেৱল চমক সৃষ্টিৰ উদ্দেশ্যৰে খৰধৰকৈ মুকলি  কৰা এই উদ্যোগটো চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবে উদ্ধোধনৰ পিছতেই বগাহাতীত পৰিণত হ’ল  ৷চানবছাৰ এই গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্পটো কেইবা দশকৰ এক প্ৰত্যাশিত প্ৰকল্প  আছিল। নব্বৈৰ দশকত  হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে এই উদ্যোগৰ শুভাৰম্ভ কৰা হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সেই সময়ৰ খাদ্য সংসাধন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ)  থকাৰ সময়তে এই উদ্যোগটোৰ বাবে এটা ভৱন নিৰ্মাণ কৰি কিছু যন্ত্ৰপাতিও স্থাপন কৰা হৈছিল যদিও প্ৰশাসনিক দুৰ্বলতাৰ বাবে প্ৰকল্পটো সেই সময়ত কাৰ্যক্ষম নহল। পৰৱৰ্তী পৰ্যায়ত  বহু কোটি টকা ব্যয়েৰে বিগত ২০২৪ চনৰ ১২ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই   নাজিৰাৰ চানবছা গাঁৱত  ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানিমুখী গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ শুভ  উদ্বোধন কৰছিল যদিও প্ৰায় দুবছৰৰ পিছত আজিও সেই প্ৰকল্প কাৰ্যক্ষম নহল।উদ্ধোধনৰ সময়ত ৰাজ্য চৰকাৰৰ বহু চৰ্চিত ‘বিকাশ যাত্ৰা’ৰ  অংশ হিচাপে আত্মনিৰ্ভৰ অসম প্ৰতিষ্ঠাৰ দিশত এই প্ৰকল্পটো  এক ডাঙৰ পদক্ষেপ বুলি চৰকাৰী ভাবে প্ৰচাৰ কৰা হৈছিল৷গাহৰি আৰু পশুপালন খণ্ডৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়ত নিবনুৱা  যুৱক-যুৱতীসকলক আত্মনিয়োগৰ সুযোগ প্ৰদান কৰাৰ প্ৰচুৰ সম্ভাৱনা থকা এই প্ৰকল্পই থলুৱা গাহৰি পালনকৰ্তা সকলক সবল কৰিব বুলি আশা কৰা হৈছিল যদিও চৰকাৰৰ উপযুক্ত পৰিকল্পনা আৰু পৰিচালনাৰ অভাৱতেই দুখজনক ভাৱে  এই সম্ভাৱনাপূৰ্ণ প্ৰকল্পটো উপজিয়েই মৃত্যু মুখলৈ গতি কৰিছে ।  এই সন্দৰ্ভত আমি নাজিৰাৰ লিগিৰিপুখুৰীত থকা জিলা পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰাত বিভাগটোৰ হাতত এই বিষয়ৰ একো তথ্য নাই বু্‌লি কৈ অসম চৰকাৰৰ গুৱাহাটীস্থ পশুধন আৰু হাঁহ কুকুৰা নিগমৰ লগত যোগাযোগ কৰাৰ পৰামৰ্শ দিয়ে৷  নিজৰ বিভাগৰ অধীনত চলি থকা এটা কোটিটকীয়া প্ৰকল্পৰ বিষয়ে বিভাগটোৰ জিলা পৰ্যায়ৰ বিষয়াই গম নোপোৱাটো অতি আশ্বৰ্যজনক কথা৷ উদ্ধোধনৰ কিছুদিন পিছৰ পৰাই তলাবন্ধ অৱস্থাত থকা বহু আকাঙ্খিত এই প্ৰকল্পটো সোনকালে সক্ৰিয় কৰি তুলিবৰ বাবে স্থানীয় ৰাইজে দাবী উণ্থাপন কৰিছে৷
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Leave A Reply Cancel Reply

    Top Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Don't Miss

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    By newshuntneMarch 19, 2026

    নিউজডেক্স, ১৯ মাৰ্চ,২০২৬ :: অসমত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত আগবঢ়াৰ সময়তে এক…

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Most Popular

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022

    Coronavirus: Nasal vaccines may hold the promise to stop COVID infections. How soon will we get them? | The Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.