
নিউজডেক্স,৫জানুৱাৰী,২০২৬ : উত্তৰ পূব সীমান্তৰ অন্তৰ্গত উজনি অসমৰ অন্যতম ব্যস্ত তথা পুৰণি ৰেল ষ্টেচন তিনিচুকীয়া নগৰস্থিত পুৰণি ৰেল ষ্টেচনত নিতৌ সহস্ৰাধিক যাত্ৰীয়ে ভীৰ কৰে যদিও ইয়াত প্ৰস্ৰাৱাগাৰৰ অভাৱত যাত্ৰী সকলে জীয়াতু ভূগিবলগীয়া হয়৷ এই ষ্টেচনটোত পুুৰুষ আৰু মহিলাৰ বাবে ৰাইজক দেখুৱাই “নাম কে ৱাস্তে” দুটা প্ৰস্ৰাৱাগাৰ আছে যদিও উপযুক্ত পৰিস্কৰণ তথা চাফাই আৰু মেৰামতিৰ অভাৱত সেই প্ৰস্ৰাৱাগাৰ দুটা ব্যৱহাৰযোগ্য হৈ থকা নাই৷ ৰেল বিভাগে এই অঞ্চলৰ যাত্ৰীৰ পৰা বছৰি লাখ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰে যদিও তিনিচুকীয়াৰ দৰে এটা পুৰণি ষ্টেচনত যাত্ৰীৰ মৌলিক প্ৰয়োজন পূৰণৰ সুবিধাৰ্থে প্ৰাথমিক সুবিধা নথকাটো অতি দুৰ্ভাগ্যজনক কথা৷ ৰেল বিভাগৰ অকৰ্মণ্যতা আৰু অৱহেলাৰ বাবে এই পুৰণি ষ্টেচনত থকা অব্যৱহাৰযোগ্য প্ৰস্ৰাৱাগাৰ দুটাকেই যাত্ৰীয়ে নিৰুপায় হৈ ব্যৱহাৰ কৰিবলগীয়া হোৱা কাৰ্যই উত্তৰ পূৱাঞ্চলৰ প্ৰতি ৰেল বিভাগৰ অৱহেলাৰ ছবিকেই ডাঙি ধৰিছে৷ আজি অৰ্থাৎ ৫ জানুৱাৰীৰ বিয়লি প্ৰায় চাৰিটা বজাত আমি এই ষ্টেচনৰ অব্যৱহাৰযোগ্য প্ৰসাৱগাৰৰ কৰ্দয অৱস্থা পৰিলক্ষিত কৰি ষ্টেচন মাষ্টৰক অভিযোগ দাখিল কৰিব বিচাৰিছিলো যদিও উক্ত সময়ত ষ্টেচন মাষ্টৰ কৰ্তব্যত উপস্থিত নথকাত অভিযোগ দিব পৰা নহল৷আনহাতে ষ্টেচনটোত অভিযোগ বহী ( কম্পেলেইন বুক) থাকিব লাগে যদিও আমি তেনে অভিযোগ বহী বিচাৰিও নাপালো৷ গতিকে যাত্ৰীৰ মৌলিক সমস্যা সমাধানৰ প্ৰতি ৰেল কৰ্তৃপক্ষই চকু ৰখা উচিত৷ সততে অসম তথা উত্তৰ পূব সীমান্তক ৰেল বিভাগে মাহী আইৰ দৃষ্টিৰে চাই বঞ্চনা কৰাৰ অভিযোগ উণ্থাপিত হৈ অহাৰ সময়তে অসমৰ এটা পুৰণি ৰেল ষ্টেচনত বিভাগীয় অৱহেলাৰ বাবে যাত্ৰীয়ে দুৰ্ভোগ ভূগিবলগীয়া পৰিস্থিতিৰ উত্তৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ বা ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সময়োচিত পদক্ষেপ গ্ৰহণ কৰা উচিত৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

