
নিউজডেক্স,৫জানুৱাৰী,২০২৬ : উত্তৰ পূব সীমান্তৰ অন্তৰ্গত উজনি অসমৰ অন্যতম ব্যস্ত তথা পুৰণি ৰেল ষ্টেচন তিনিচুকীয়া নগৰস্থিত পুৰণি ৰেল ষ্টেচনত নিতৌ সহস্ৰাধিক যাত্ৰীয়ে ভীৰ কৰে যদিও ইয়াত প্ৰস্ৰাৱাগাৰৰ অভাৱত যাত্ৰী সকলে জীয়াতু ভূগিবলগীয়া হয়৷ এই ষ্টেচনটোত পুুৰুষ আৰু মহিলাৰ বাবে ৰাইজক দেখুৱাই “নাম কে ৱাস্তে” দুটা প্ৰস্ৰাৱাগাৰ আছে যদিও উপযুক্ত পৰিস্কৰণ তথা চাফাই আৰু মেৰামতিৰ অভাৱত সেই প্ৰস্ৰাৱাগাৰ দুটা ব্যৱহাৰযোগ্য হৈ থকা নাই৷ ৰেল বিভাগে এই অঞ্চলৰ যাত্ৰীৰ পৰা বছৰি লাখ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰে যদিও তিনিচুকীয়াৰ দৰে এটা পুৰণি ষ্টেচনত যাত্ৰীৰ মৌলিক প্ৰয়োজন পূৰণৰ সুবিধাৰ্থে প্ৰাথমিক সুবিধা নথকাটো অতি দুৰ্ভাগ্যজনক কথা৷ ৰেল বিভাগৰ অকৰ্মণ্যতা আৰু অৱহেলাৰ বাবে এই পুৰণি ষ্টেচনত থকা অব্যৱহাৰযোগ্য প্ৰস্ৰাৱাগাৰ দুটাকেই যাত্ৰীয়ে নিৰুপায় হৈ ব্যৱহাৰ কৰিবলগীয়া হোৱা কাৰ্যই উত্তৰ পূৱাঞ্চলৰ প্ৰতি ৰেল বিভাগৰ অৱহেলাৰ ছবিকেই ডাঙি ধৰিছে৷ আজি অৰ্থাৎ ৫ জানুৱাৰীৰ বিয়লি প্ৰায় চাৰিটা বজাত আমি এই ষ্টেচনৰ অব্যৱহাৰযোগ্য প্ৰসাৱগাৰৰ কৰ্দয অৱস্থা পৰিলক্ষিত কৰি ষ্টেচন মাষ্টৰক অভিযোগ দাখিল কৰিব বিচাৰিছিলো যদিও উক্ত সময়ত ষ্টেচন মাষ্টৰ কৰ্তব্যত উপস্থিত নথকাত অভিযোগ দিব পৰা নহল৷আনহাতে ষ্টেচনটোত অভিযোগ বহী ( কম্পেলেইন বুক) থাকিব লাগে যদিও আমি তেনে অভিযোগ বহী বিচাৰিও নাপালো৷ গতিকে যাত্ৰীৰ মৌলিক সমস্যা সমাধানৰ প্ৰতি ৰেল কৰ্তৃপক্ষই চকু ৰখা উচিত৷ সততে অসম তথা উত্তৰ পূব সীমান্তক ৰেল বিভাগে মাহী আইৰ দৃষ্টিৰে চাই বঞ্চনা কৰাৰ অভিযোগ উণ্থাপিত হৈ অহাৰ সময়তে অসমৰ এটা পুৰণি ৰেল ষ্টেচনত বিভাগীয় অৱহেলাৰ বাবে যাত্ৰীয়ে দুৰ্ভোগ ভূগিবলগীয়া পৰিস্থিতিৰ উত্তৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ বা ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সময়োচিত পদক্ষেপ গ্ৰহণ কৰা উচিত৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

