নিউজডেক্স,৭ জানুৱাৰী,২০২৬ : উত্তৰ পূব সীমান্ত ৰেলৱেৰ আধুনিকীকৰণৰ অংশ স্বৰূপে কিছুদিনৰ আগত শিমলুগুৰি ৰেল জংচনত যাত্ৰীৰ সুবিধাৰ্থে দুটা অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন কৰা হয়৷ইয়াৰে এটা মেচিনৰ দ্বাৰা যাত্ৰীয়ে নিজেই ইউ পি আই যোগেদি আৰু আনটোৰ দ্বাৰাএ টি এম কাৰ্ডৰ জৰিয়তে ৰেলৰ টিকট কাটি যাত্ৰা কৰিব পাৰিব৷ সাধাৰণতে ৰেল ষ্টেচনত ৰেলৰ টিকট কাটিবৰ বাবে টিকট কাউণ্টাৰত যাত্ৰীৰ ভীৰ তথা থেলা হেঁচা হোৱা পৰিলক্ষিত হয় আৰু শিমলুগুৰি জংচনত যাত্ৰীয়ে নিজেই নিজৰ টিকট কাটিব পৰা এই মেচিন স্থাপন কৰাৰ ফলত টিকট কাউণ্টাৰত যাত্ৰীয়ে দীঘলীয়া লাইন কৰাৰ পৰিৱৰ্তে কম সময়তে নিজৰ টিকট সংগ্ৰহ কৰিব পাৰিব৷উল্লেখ্য যে উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ অধীনত শিমলুগুৰি,তিনিচুকীয়া,লামডিং আৰু মৰিয়নীত জংচনত স্থাপন কৰা এই এ টি ভি এম মেচিনৰ দ্বাৰা ৰেল যাত্ৰী সকল বহু পৰিমাণে উপকৃত হোৱাৰ আশা আছে৷

