নিউজডেক্স,৯ জানুৱাৰী, ২০২৬: প্ৰাক-প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ “সকলোৰ বাবে গুণগত শিক্ষা” নিশ্চিত কৰাৰ লক্ষ্যৰে ২০১৮ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰৱৰ্তন কৰা হয় সমগ্ৰ শিক্ষা আঁচনি ৷ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে এই আঁচনিয়ে আগৰ তিনিখন আঁচনি যেনে —সৰ্ব শিক্ষা অভিযান (SSA) – প্ৰাথমিক শিক্ষা,ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান (RMSA) – মাধ্যমিক শিক্ষা আৰু শিক্ষক গুণগত উন্নয়ন আঁচনি (TE)ক একত্ৰিত কৰিছে৷
সকলো শিশুকে গুণগত শিক্ষা প্ৰদানৰ লগতে
বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা বৃদ্ধি আৰু ড্ৰপআউটৰ হ্ৰাস কৰা, দিব্যাংগ, অনুসূচিত জাতি/জনজাতি আৰু সংখ্যালঘু ছাত্ৰছাত্ৰীৰ মাজত শিক্ষাৰ সমতা স্থাপন,
শিক্ষকসকলৰ প্ৰশিক্ষণ আৰু দক্ষতা বৃদ্ধি কৰা আৰু
বিদ্যালয়ৰ পৰিকাঠামো উন্নত কৰাৰ উদ্দেশ্যৰে
এই আঁচনিৰ দ্বাৰা নতুন বিদ্যালয় স্থাপন,শ্ৰেণীকক্ষ, শৌচাগাৰ, পানীৰ ব্যৱস্থা,বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম ,ছাত্ৰ-ছাত্ৰীলৈ বৃত্তি প্ৰদান,ডিজিটেল শিক্ষা আৰু স্মাৰ্ট ক্লাছৰ উপৰিও দিব্যাংগ শিশুৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা সমগ্ৰ শিক্ষা আঁচনিৰ মূল লক্ষ্য হৈছে “সকলোৰ বাবে গুণগত শিক্ষা” নিশ্চিত কৰা।
প্ৰাক-প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ সামগ্ৰিক উন্নয়নৰ বাবে এই সমগ্ৰ শিক্ষাৰ জৰিয়তে চৰকাৰে বছৰি কোটি কোটি টকা খৰছ কৰি অহাৰ বিপৰীতে ছাত্ৰছাত্ৰীৰ অভাৱত প্ৰতি বছৰে অসমীয়া মাধ্যমৰ বহু বিদ্যালয় বন্ধ হ’বলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক কথা৷ এনে পৰিস্থিতিয়ে সমগ্ৰ শিক্ষা আঁচনিৰ ব্যৰ্থতাৰ ছবিকেই ডাঙি ধৰে৷
আনহাতে নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত সমগ্ৰ শিক্ষা আঁচনিৰ জৰিয়তে ব্যয় কৰা ধনৰ হিচাব কাৰ্যালয়টোত উপলব্ধ নোহোৱাটোও এক ৰহস্যজনক কথা৷ নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত বিগত ২০২৪ চনৰ পৰা বৰ্তমানলৈকে কিমান টকা ব্যয়েৰে কি কি কাম সম্পাদন কৰা হৈছে তাৰ বিতং তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ ২০০৫ৰ অধীনত দাখিল কৰা আবেদনৰ প্ৰতুত্তৰত বিভাগটোৰ হাতত এই বিষয়ৰ তথ্য মজুত নাই, সংশ্লিষ্ট বিদ্যালয়তহে এই তথ্য উপলব্ধ হব বুলি কোৱাটো আশ্বৰ্যজনক কথা৷ এটা চৰকাৰী বিভাগৰ অধীনত থকা বিদ্যালয় সমূহলৈ চৰকাৰে বিভিন্ন শিতানত আগবঢ়োৱা অনুদান,সা-সামগ্ৰী তথা ধনৰ হিচাব বিভাগটোৰ মূল কাৰ্যালয়ত উপলব্ধ নোহোৱাৰ কথাই বিভাগটোৱে তথ্য গোপন কৰাৰ প্ৰচেষ্টাকেই প্ৰতিফলিত কৰিছে৷ এনে প্ৰচেষ্টাৰ অন্তৰালত নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডত সমগ্ৰ শিক্ষাৰ নামত চলা ভেকু ভাওনাৰ বহু কেলেংকাৰীৰ কাহিনীও লুকাই আছে বুলি সচেতন লোকে মতপ্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত আমি নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়া গৰাকীৰ লগত বহুবাৰ যোগাযোগ কৰিব বিচাৰিও সফল হ’ব পৰা নাই আৰু দায়িত্বশীল শিক্ষা বিষয়াগৰাকী জনসাধাৰণৰ বাবে সহজলভ্য নোহোৱাটো তথা তখেতে ৰাইজৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰিব বিচৰাটোও এক ৰহস্যজনক কথা ৷ এনেকৈ নাজিৰাত অনিয়ন্ত্ৰিত আৰু হিচাবহীন ভাবে চলি থকা সমগ্ৰ শিক্ষা আচঁনি অতি শীঘ্ৰেই ফ্লপ শ্ব’ত পৰিণত হোৱাৰ সম্ভাৱনাই অধিক৷

