নিউজডেক্স,১১ জানুৱাৰী,২০২৬ : ৰাজ্যৰ বিশিষ্ট শিশু সাহিত্যিক ,গীতিকাৰ,কবি ঔপন্যাসিক,চিত্ৰ-নাট্যৰ লেখক পদ্মশ্ৰী এলি আহমেদ যোৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকাৰ লগতে আজি অৰ্থাৎ এঘাৰ জানুৱাৰীৰ দিনা চুবুৰীয়া তথা শুভাকাংক্ষী সকলে পুলিচৰ সহযোগত বন্ধ ঘৰৰ ভিতৰৰ পৰা অসুস্থ অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটীৰ ৰহমান হস্পিতালত ভৰ্তি কৰে৷স্বাধীনচেতীয়া সাহসী মহিলা ৰূপে খ্যাত সাহিত্যিক এলি আহমেদৰ অসুস্থতাৰ বাতৰিত ৰাজ্য বাসীৰ লগতে তেখেতৰ পিতৃ গৃহ নাজিৰা বাসীও উদ্বিগ্ন হৈ পৰিছে৷ নাজিৰা বাসীয়ে তেখেতৰ আশু আৰোগ্য কামনা কৰাৰ লগতে ৰাজ্য চৰকাৰক তেখেতৰ স্বাস্থ্য সুৰক্ষাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়ছে৷ ডা০ বেজবৰুৱা, বৰুৱাৰ সংসাৰ, সোণমইনা, সাদৰী, বৰদৈচিলা, যখিনী আদি জনপ্ৰিয় ছবিৰ বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা এলি আহমেদৰ কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মাণ কৰা ছবিসমূহ হৈছে ধ্ৰুৱতৰা, দেৱতা, মুখাগ্নি, জনমভূমি, বনফুল, ৰিক্সাৱালা, মহামানৱ, ককাদেউতাৰ ঘৰ জোঁৱাই আদি। তৰাফুল, মণিৰাম দেৱান, লুকা-ভাকু, স্পন্দন, গাভৰু, শিল্পীৰ হাতৰ কঁপনি, দুখন ঘৰ এখন চোতাল আদি গ্ৰন্থৰ স্ৰষ্টা এলি আহমেদে আঢ়ৈ কৰিৰো অধিক গন্থ ৰচনা কৰিছে। ২০১৫ চনত শিশু সাহিত্য একাডেমী বঁটা প্ৰাপ্ৰক, ২০১৭ চনৰ পদ্মশ্ৰী সন্মান লাভ কৰা এলি আহমেদক ২০১৯ চনত ভাৰত চৰকাৰে সৃজনীমূলক কৰ্মৰ বাবে আন এক সন্মান যাচিছিল।এইগৰাকী মহিয়ষী নাৰীৰ অসুস্থতাৰ বাতৰি শুনি আজি নাজিৰাৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিক তেখেতৰ নাজিৰা নগৰস্থ পিতৃ গৃহত উপস্থিত হৈ নিকটাত্মীয়ৰ সৈতে দিখৌ কন্যা খ্যাত এলি আহমেদৰ স্বাস্থ্য সম্বন্ধে আলোচনা কৰে৷

