Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
    • নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন
    • প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
    • দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
    • নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
    • যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
    • তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
    • চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
    Assam

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    newshuntneBy newshuntneJanuary 16, 2026Updated:January 16, 2026No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email

    নিউজডেক্স,১৬জানুৱাৰী ২০২৬ :  বায়ু,পানী আৰু মাটিৰ প্ৰদূষণ ৰোধ বা নিয়ন্ত্ৰণৰ বাবে অসমৰ যিকোনো স্থানত সৰু বৰ বিভিন্ন উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ক্ষেত্ৰ ভিত্তিক অনুসন্ধানৰ দ্বাৰা কোনো উদ্যোগ স্থাপনৰ সন্মতি(Consent to Establish চমুকৈ CTE) পত্ৰ প্ৰদান কৰাৰ পিছত পুনৰ পৰিদৰ্শন কৰি সংশ্লিষ্ট উদ্যোগটো চলাবৰ বাবে সন্মতি (Consent to Operate চমুকৈ CTO) প্ৰদান কৰে৷ এই চি টি অ’ পোৱাৰ পিছতহে যিকোনো উদ্যোগে নিজৰ ব্যৱসায়িক উৎপাদন আৰম্ভ কৰে৷উল্লেখ্য যে দেশৰ জল(সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইন ১৯৭৪ৰ অধীনত গঠিত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ ১৯৮১চনৰ বায়ু(সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইনৰ দ্বাৰাও পৰিচালিত হয়৷ৰাজ্যৰ বায়ু,পানী আৰু শব্দ প্ৰদূষণৰ মান নিৰূপণ আৰু নিয়ন্ত্ৰণৰ বাবে অসমৰ প্ৰায়বোৰ জিলাতে অসম চৰকাৰৰ বন,পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ গৱেষণাগাৰ বা কাৰ্যালয় আছে৷

    শিৱসাগৰ জিলাত দিনক দিনে বৃদ্ধি পাই থকা প্ৰদূষণে সাধাৰণ ৰাইজৰ জীৱন আৰু পৰিবেশলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে যদিও এই ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ভূমিকাক লৈ ৰাইজ সন্তুষ্ট নহয়।
     জিলা খনৰ বিভিন্ন নলা-নদী, পুখুৰী আৰু জলাশয়ত অবাধে বর্জ্য দ্ৰব্য নিক্ষেপৰ ফলত জল প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে।
    শব্দ প্ৰদূষণেও  জিলাখনত গুৰুতৰ সমস্যা হিচাপে দেখা দিছে। নিৰ্ধাৰিত সময় সীমা অতিক্ৰম কৰি লাউডস্পীকাৰ, শিল্প-কাৰখানা আৰু যান-বাহনৰ হৰ্ণৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু বৃদ্ধ লোকক বিশেষভাৱে অসুবিধাত পেলাইছে যদিও এইক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তৰফৰ পৰা নিয়মিত পৰিদৰ্শন, জৰিমনা বা কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
     শিৱসাগৰস্থ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্যানুুসৰি যোৱা ২৯ ডিচেম্বৰ ২০২৫ ত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশিত বায়ু গুণমান সূচাঙ্ক  তালিকাত শিৱসাগৰৰ স্থান হল ৫৬ আৰু এই মান সন্তোষজনক বুলি প্ৰকাশিত হৈছে৷
     আনহাতে জিলাখনৰ বিভিন্ন স্থানত থকা প্ৰদূষণ সৃষ্টিকাৰী শিলভঙা মেচিন,ইটাভাটা,ব্যক্তিগত খণ্ডৰ খাৰুৱা তেলৰ ৰীগকে ধৰি বহু সৰু বৰ উদ্যোগৰ ক্ষেত্ৰত শিৱসাগৰস্থ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে চকু মুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে৷ বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে গোপন বুজাবুজিৰে পৰিবেশ বিনষ্টকাৰী বহু সৰু বৰ উদ্যোগ পূৰ্ণোদ্যমে চলি থকাৰ অভিযোগ উণ্থাপিত হোৱাৰ সময়তে আমাৰ হাতত থকা তথ্যাানুসৰি  জিলাখনৰ বহু উদ্যোগ পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিভাগীয় সন্মতি পত্ৰ(CTO)টো বাদেই উদ্যোগ স্থাপনৰ সন্মতি(CTE) নথকাকৈয়ে এতিয়াও অবাধে চলি আছে৷
    জিলাখনৰ আমগুৰি মুঠ ৮ টা ইটাভাটাৰ বছৰি ৩০লাখ,৪০ লাখ আৰু ১৮ লাখকৈ ইটা উৎপাদন কৰা তিনিটা ইটাভাটাৰ প্ৰদূষণ প্ৰমাণ পত্ৰ নাই৷
     ডিমৌৰ মুঠ ১৫ টা ইটাভাটাৰ ভিতৰত মাহেকত ৮০হাজাৰ,৪লাখ ২০হাজাৰ,৩লাখ আৰু ৪ লাখ,বছৰি ১লাখ,২০ লাখ আৰু ২০ লাখকৈ ইটা উৎপাদন কৰা সাতটা ইটাভাটাৰ প্ৰদূষণ প্ৰমাণ পত্ৰ নাই৷ নাজিৰাৰ মুঠ ১১টা ইটাভাটাৰ ভিতৰত  মাহে ৩৫০হাজাৰ ইটা উৎপাদন কৰা ১টা আৰু মাহে ১লাখকৈ ইটা উৎপাদন কৰা শিৱসাগৰৰ এটা ইটাভাটাৰ প্ৰদূষণ প্ৰমাণ পত্ৰ নাই৷
    নাজিৰাৰ বিহুবৰ  বীটৰ অধীনত থকা মুঠ ৬৪টা শিলভঙা মেচিনৰ ৩৩টা মেচিনেই প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে চলি আছে৷আনহাতে লক্ষ্মীজান,মেকীপুৰ,শিমলুগুৰি আদি শিৱসাগৰ বীটৰ অধীনৰ বিভিন্ন স্থানত থকা মুঠ ২৭টা শিলভঙা মেচিনৰ ১৯ টাৰেই প্ৰদূষণ প্ৰমাণ পত্ৰ নাই৷  এই সন্দৰ্ভত আমাৰ অনুসন্ধান অব্যাহত থকাৰ লগতে পৰৱৰ্তী সময়ত আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷
     ইয়াৰোপৰি জিলাখনৰ বিভিন্ন স্থানত থকা অ এন জি চি আৰু ব্যক্তিগত কোম্পানীৰ ৰীগ কিছুমানৰ পৰা জল,বায়ু আৰু শব্দ প্ৰদূষণৰ মুকলি অভিযোগ উণ্থাপিত হৈ আহিছে যদিও এইক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ভূমিকা সন্তোষজনক নহয়৷
    ৰাইজে এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ হস্তক্ষেপ দাবী কৰি প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে।
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী

    January 11, 2026
    Leave A Reply Cancel Reply

    Top Posts

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Don't Miss

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    By newshuntneJanuary 28, 2026

    নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয়…

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

    January 26, 2026

    প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ

    January 16, 2026
    Most Popular

    নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ

    January 28, 2026

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.