নিউজডেক্স,২৬জানুৱাৰী,২০২৬: সমগ্ৰ দেশৰ লগতে আজি নাজিৰা সমজিলাতো দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পূৰ্বে সমজিলা আয়ুক্তই বীৰ শ্বহীদ সকলক স্মৰণ কৰি নাজিৰা গান্ধী ময়দানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। 

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। এই কুচ – কাৱাজ কাৰ্যসূচীত নাজিৰা সমজিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। নাজিৰা সমজিলা আৰক্ষী বিষয়া তুশাৰ দেশাইৰ উপস্থিতিত মুখ্য অতিথি ৰূপে প্ৰদান কৰা ভাষণত সমজিলা আয়ুক্তই দেশৰ বীৰ শ্বহীদ, মুক্তি-যুঁজাৰু সকলৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ সুৰক্ষাত নিয়োজিত নিৰাপত্তা বাহিনী সমূহৰ সাহস আৰু পৰাক্ৰমৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰাৰ লগতে তেওঁ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে নাজিৰাৰ সামগ্ৰিক উন্নতিৰ লক্ষ্যৰে গ্ৰহণ কৰা চৰকাৰী আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰি এই সমূহৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণৰ পূৰ্ণ সহযোগিতা কামনা কৰে।
গণৰাজ্য দিৱস উপলক্ষে আয়োজিত পেৰেডত আজি দিল্লী পাব্লিক স্কুলে প্ৰথম, নাজিৰা মহাবিদ্যালয় এন. চি.চি দলে দ্বিতীয় আৰু জৱাহৰ নৱোদয় বিদ্যালয় (ল’ৰা)ৰ এন. চি.চি দলে তৃতীয় স্থান লাভ কৰে।
এইবাৰৰ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়। লগতে,
স্বাস্থ্য, কৃষি, পৌৰসভা, ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ উপৰিও অংগনবাড়ী কৰ্মী, চাফাই কৰ্মী, সাংস্কৃতিক কৰ্মী আৰু নাজিৰা সমজিলা প্ৰশাসনৰ তৃতীয় তথা চতুৰ্থ বৰ্গৰ বহু কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ পাছতে শিমলুগুৰি বৃদ্ধাশ্ৰমত, গেলেকীস্থিত “জ্যোতি গৃহ”ত প্ৰশাসনৰ তৰফৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী আৰু লিগিৰী পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা চিকিৎসালয়ত ফল – মূল বিতৰণ কৰা হয়।

