নিউজডেক্স,৫ফেব্ৰুৱাৰী,২০২৬ : ৯৭ নং নাজিৰা বিধান সভা সমষ্টিৰ চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অভিলাসী আঁচনি “মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি’ৰ অধীনত প্ৰথম পৰ্যায়ৰ ১০০০০ টকাৰ চেক বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাবে সম্পন্ন কৰা হয়।এই অনুষ্ঠানত নাজিৰা বিধানসভা সমষ্টিৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা জীৱিকা অভিযানৰ অধীনৰ ১৪৩ টা গ্রাম্য সংগঠনৰ অন্তৰ্গত ২৩৮৯ টা আত্মসহায়ক গোটৰ ২৩৬৪২ গৰাকী মহিলাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনিৰ পুঁজিৰ চেক লাভ কৰাৰ লগতে নাজিৰা বিধানসভা সমষ্টিৰ অধীনৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত ২৪৯৯ গৰাকী মহিলাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনিৰ পুঁজিৰ চেক লাভ কৰে।অনুষ্ঠানত নাজিৰা বিধানসভা সমষ্টিৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত সৰ্বমুঠ ২৬,১৪১ গৰাকী আত্মসহায়ক গোটৰ উদ্যমী মহিলা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ পুঁজিৰ দ্বাৰা উপকৃত হয়।

