
নিউজডেক্স,১১ফেব্ৰুৱাৰী,২০২৬: আজি সন্ধিয়া শিমলুগুৰিৰ লুথুৰী গাঁওৰ মাষ্টৰচুকৰ দিখৌ নদীৰ পাৰত থকা শিমলুগুৰি পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ জাবৰত পৌৰসভাই অবিবেচক ভাবে জুই লগাই দিয়াৰ ফলত সমগ্ৰ লুথুৰি গাঁওৰ লগতে নদীখনৰ সীপাৰত থকা নাজিৰা নগৰত ধোঁৱাই ছানি ধৰি জন জীবন বিপৰ্য্যস্ত কৰি তোলে৷ ডাম্পিং গ্ৰাউণ্ডৰ এই প্ৰদূষিত ধোৱাৰ ফলত বহু লোক শ্বাস কষ্টত ভোগাও পৰিলক্ষিত হয়৷ পৌৰসভাৰ এনে অবিবেচক কাৰ্যক সকলোৱে ধিক্কাৰ দিয়াৰ লগতে এই কাণ্ডৰ বাবে দোষী ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে প্ৰশাসনক আহ্বান জনাইছে৷ স্হানীয় লোকৰ ভাষ্য অনুসৰি আজি দিনৰ ২-৩০ বজাত এই ডাম্পিং গ্ৰাউণ্ডৰ চকীদাৰে জাবৰ-জোঁথৰ নিস্কাষণৰ বাবে লগোৱা জুই উমি উমি জ্বলি সন্ধিয়াৰ পৰা সমগ্ৰ অঞ্চলটো ধোঁৱাময় কৰি তোলে৷

