
নিউজডেক্স,১২ফেব্ৰুৱাৰী,২০২৬ : নাজিৰাৰ চানবছা গাওঁত স্থাপিত বহু কোটি টকাৰ দুগ্ধ প্ৰকল্পত গুৰুতৰ আৰ্থিক অনিয়ম আৰু অভ্যন্তৰীণ বিশৃংখলতাৰ অভিযোগ উঠাৰ পাছত বহু দিন ধৰি বন্ধ হৈ থকা প্ৰকল্পটো বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে৷নাজিৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ প্ৰাক্তন পশু চিকিৎসক ডাঃ জগদীশ বৰ্মনৰ উদ্যোগত বৃহত্তৰ নাজিৰাৰ কৃষকসকলক লৈ গঠন কৰা সুন্দৰপুখুৰী দুগ্ধ সমবায় সমিতিয়ে ২৪৫ৰো অধিক দৰিদ্ৰ সীমাৰ ৰেখাৰ তলৰ (BPL) পৰিয়ালৰ জীৱিকাৰ মুখ্য উৎস হিচাপে আত্মপ্ৰকাশ কৰাৰ কথা ঢাক-ঢোল বজাই জাহিৰ কৰিছিল ৷দৈনিক ৪০০ লিটাৰ গাখীৰ উৎপাদন কৰি এই সমিতিখনে গ্ৰাম্য অৰ্থনীতিত বছৰি এক কোটি টকাতকৈ অধিক টকাৰ অৱদান আগবঢ়োৱাৰ কথা অসমৰ পশুপালন বিভাগৰ ৱেবছাইটতো উল্লেখ কৰা হৈছিল৷
“কাৰেং” নামৰ নিজস্ব ব্ৰেণ্ডৰ অধীনত সমিতিখনে বিপণন নেটৱৰ্ক আৰম্ভ কৰাৰ লগতে নাজিৰাৰ চানবছা গাঁৱত বহু কোটি টকা ব্যয়েৰে এটা দুগ্ধ বিশুদ্ধিকৰণ প্ৰকল্প স্থাপন কৰিছিল। কিন্তু অভ্যন্তৰীণ বিশৃঙ্খলাৰ ফলত বহু-কোটি টকাৰ এই প্ৰকল্পটো বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। প্ৰকল্পটোত সংস্থাপিত মূল্যৱান যন্ত্ৰপাতি আৰু সঁজুলিসমূহো পৰিত্যক্ত অৱস্থাত থাকি ধীৰে ধীৰে নষ্ট হ’ব ধৰিছে।স্থানীয় লোকৰ অভিযোগ অনুসৰি, গাঁৱৰ দৰিদ্ৰ আৰু অল্পশিক্ষিত লোকসকলৰ নামত (যিসকলৰ বহুতেই প্ৰশাসনিক প্ৰক্ৰিয়াৰ বিষয়ে অৱগত নাছিল)সমবায় সমিতিখন গঠন কৰি ডাঃ বৰ্মনে কাৰ্যতঃ সমিতিখনৰ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিছিল।
এই প্ৰকল্পত কেৱল সা-সৰঞ্জাম ক্ৰয়ৰ বাবেই এক কোটি বাৰ লাখৰো অধিক টকা বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছিল যদিও বৰ্তমান পৰিত্যক্ত হৈ থকা এই প্ৰকল্পৰ সা-সৰঞ্জাম সমূহত মামৰে ধৰি ধ্বংসৰ দিশলৈ গতি কৰিছে৷
ৰাজহুৱা ধন অপব্যয়ৰ অন্যতম নমুনা স্বৰূপ এই দুগ্ধ প্ৰকল্পটোৰ বিষয়ে নাজিৰাৰ পশুপালন বিভাগ,সমবায় বিভাগকে ধৰি গুৱাহাটীস্থ দুগ্ধ উন্নয়ন সঞ্চালকালয়েও মুখ খুলিব নিবিচৰাৰ আঁৰত নিশ্চয় বহু কথা লুকাই আছে৷ সংশ্লিষ্ট বিভাগ সমূহে চানবছাৰ দুগ্ধ বিশুদ্ধিকৰণ প্ৰকল্পত হোৱা ব্যয়ৰ বিষয়ে কোনো তথ্য ৰাজহুৱা কৰিব নিবিচাৰিলেও আমি সংগ্ৰহ কৰা তথ্যানুসৰি এই প্ৰকল্পলৈ শিৱসাগৰ জিলাৰ সমূহ বিধায়কৰ পুঁজিৰ পৰা ৩২৫০০০০/টকা,জিলা পৰিষদৰ পৰা ৩৫০০০০/টকা,ডি আৰ ডি এ ৰ পৰা ১৪০০০০০/টকা,পশুপালন বিভাগৰ দ্বাৰা ১৭৫০০০০/টকা,দুগ্ধ উন্নয়ন বিভাগৰ পৰা ২৩৯৪১৮০/টকা,অ’ এন জি চিৰ পৰা ২৫০০০০/টকা আৰু সমবায় বিভাগৰ পৰা ১৮০৮৫০৯/টকাৰ অৰ্থাৎ মুঠ ১১২০২৬৮৯/টকাৰ অনুদান আগবঢ়োৱা হৈছিল৷ এয়া এক থুলমূল হিচাবহে, প্ৰকল্পটোৰ নামত সংগৃহীত ধনৰ পৰিমাণ ইয়াতকৈ বহু অধিক হোৱাৰ সম্ভাৱনাই বেছি৷ৰঙা ফিটাৰ মেৰপেছ বুজি নোপোৱা নিৰীহ লোকৰ নামত সমবায় খুলি তেওঁলোকক বলীৰ পঠা সাজি বেনামী ভাবে সমবায় খনৰ হৰ্তাকৰ্তা বিধাতা হৈ পৰা ডাঃ জগদীশ বৰ্মনে কৌশলেৰে এই সমবায়ৰ ধন আত্মসাৎ কৰাৰ ফলতেই এই সম্ভাৱনাপূৰ্ণ প্ৰকল্পটো মৃত্যু মুখত পৰা বুলি বহু লোকে অভিযোগ উণ্থাপন কৰিছে৷কোটি কোটি টকাৰ ৰাজহুৱা সম্পত্তিৰ এনেদৰে অপব্যয় হোৱা কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে এক নিৰ্মোহ তদন্তৰ দাবী কৰাৰ লগতে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি এই সম্ভাৱনাপূৰ্ণ দুগ্ধ উদ্যোগটো পুনৰ উজ্জীৱিত কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে৷

