নিউজডেক্স,১৭ফেব্ৰুৱাৰী,২০২৬ :অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয়। কৃষি সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এই বৰ্ণাঢ্য উৎসৱক লৈ ইতিমধ্যে ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে।আলি আই লৃগাঙৰ প্ৰাকমুহূৰ্তত মিচিং জনগোষ্ঠীৰ ঐনিঃতমৰ প্ৰথম অনাতাঁৰ শিল্পী তথা প্ৰবীন নাট্যকাৰ আৰু সাহিত্যিক অৱন্তী পামেগাম চেতিয়াই আমাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাইজক আহ্বান জনায় কয় যে আলি আই লৃগাং মূলতে মাটিৰ সৈতে, কৃষিৰ সৈতে আৰু গাঁৱৰ প্ৰাকৃতিক জীৱন-যাপনৰ সৈতে গভীৰভাৱে সম্পৰ্কিত এক সামূহিক উৎসৱ। সেয়ে এই উৎসৱ উদযাপনৰ ক্ষেত্ৰত কৃত্ৰিমতা পৰিহাৰ কৰি গাঁৱৰ মাটিৰ পৰশত, প্ৰাকৃতিক পৰিবেশত উদযাপন কৰাটোৱেই হওঁক প্ৰধান লক্ষ্য।তেওঁ লগতে উল্লেখ কৰে যে আধুনিকতাৰ প্ৰভাৱত উৎসৱৰ স্বকীয়তা ক্ৰমে হ্ৰাস পাইছে। উচ্চ শব্দৰ যন্ত্ৰসংগীত, অপ্রয়োজনীয় জাকজমকতা আৰু কৃত্ৰিম সাজ-পোছাকৰ পৰিৱৰ্তে পৰম্পৰাগত ৰীতি-নীতি, গীত-নৃত্য আৰু কৃষিজীৱনৰ আধ্যাত্মিক দিশসমূহক গুৰুত্ব দিব লাগিব।অৱন্তী পামেগাম চেতিয়াই আশা প্ৰকাশ কৰে যে নতুন প্ৰজন্মই নিজস্ব সাংস্কৃতিক শিপাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰি আলি আই লৃগাঙৰ মূল চেতনাক সজীৱ কৰি ৰাখিব লাগে। তেওঁ কয় যে, “আলি আই লৃগাং কেৱল উৎসৱ নহয়, ই আমাৰ অস্তিত্ব, আমাৰ মাটি আৰু আমাৰ সংস্কৃতিৰ প্ৰতিচ্ছবি।”উল্লেখ্য যে আলি আই লৃগাং মিচিং সমাজৰ এক গুৰুত্বপূৰ্ণ কৃষি উৎসৱ, য’ত ধান ৰোপণৰ আৰম্ভণিৰ আগমুহূৰ্তত কৃষি কৰ্মৰ মঙ্গল কামনাৰে বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷


