
নিউজডেক্স,১৯ ফেব্ৰুৱাৰী,২০২৬ : সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত সাপেখাতী মৌজাৰ অসম অৰুণাচল সীমান্তৱৰ্তী হোলোঙামৰা গাঁৱৰ জনসাধাৰণে এটুপি পানীৰ বাবে জীয়াতু ভূগিব লগা হৈছে।সীমান্তৰ্বতী হোলোঙামৰা গাঁৱৰ এক জ্বলন্ত সমস্যা হল পানী ।পাহাৰীয়া অৰুণাচল প্ৰদেশৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত দমকল পুতিলেও পানীৰ সন্ধান পোৱা নাযায়৷ চলিত বৰ্ষত বৰষুণ মাত্ৰা অত্যাধিক কম হোৱাৰ বাবে অঞ্চলটোৰ পুখুৰী,কুৱাঁ,জান জুৰিৰ পানী শুকাই চিৰাল ফাট মেলিছে।যাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে কেইবা কিলোমিটাৰ দূৰৰ গুজৰাটিঙ পাহাৰৰ নিজৰাৰ পানী আনি জীৱন যাপন কৰিব লগা হোৱাৰ লগতে জনসাধাৰণে এটি অপৰিস্কাৰ পুখুৰীৰ পানী সেৱন কৰাৰ ফলত বিভিন্ন ৰোগৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পাইছে।উল্লেখযোগ্য যে অঞ্চলটোৰ জনসাধাৰণৰ আবেদন নিবেদনৰ ফলত অসম চৰকাৰে এটি বিশুদ্ধ খোৱাপানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও বছৰ বছৰ ধৰি জনসাধাৰণে আচনি খনৰ পৰা এটুপিও খোৱাপানী নোপোৱা অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে ৷
