নিউজডেক্স,২৭ ফেব্ৰুৱাৰী, ২০২৬ : সমগ্ৰ ৰাজ্যৰ লগতে আজি নাজিৰা বিধানসভা সমষ্টিতো অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অন্তৰ্গত মিছন বসুন্ধৰা ৩.০ৰ অধীনত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু স্বমিত্ব আঁচনিৰ অধীনত উপাসনাস্থলী, শিক্ষানুষ্ঠান আদিৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ডিজিটেল পট্টা, আবন্টন, বন্দৱস্তিৰ পত্ৰ আৰু আবন্টন প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ বিতৰণ কৰা হয়। নাজিৰা এম.চি ক্লাবৰ প্ৰাংগণত, সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা আজিৰ এই পট্টা বিতৰণ কাৰ্য্যসূীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই। সভাৰ আৰম্ভণিতে ধেমাজিৰ দেউৰী বিলত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আয়োজন কৰা কেন্দ্ৰীয় পট্টা বিতৰণ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।
নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ৬৯২ ভূমিহীন পৰিয়াল তথা সামাজিক প্ৰতিষ্ঠানক ভূমি পট্টা প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানত নাজিৰাৰ সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, নাজিৰা আৰু আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ক্ৰমে চন্দনা বৰুৱা আৰু অৰূপ বিক্ৰমিয়া, নাজিৰা সমজিলাৰ সহকাৰী আয়ুক্তদ্বয় অৰুণাভ সোণোৱাল আৰু পৰ্চিয়া খনিকৰৰ লগতে নাজিৰা, শিমলুগুৰি আৰু আমগুৰি পৌৰসভাৰ পৌৰপতি ক্ৰমে বৰ্ণালী চেতিয়া, কবিতা মেচ আৰু অনামিকা নেওগ বৈশ্য উপস্থিত থাকে। তদুপৰি নাজিৰা, আমগুৰি, আঠখেল আৰু চুকাফা জিলা পৰিষদৰ সদস্যা ক্ৰমে মামু পাটৰ, জিনিটা চাহু, মৌচুমী গগৈ আৰু ৰুবী সন্দিকৈ , নিৰ্বাচিত হিতাধিকাৰী সকল, বিভিন্ন বিভাগৰ
বিষয়া কৰ্মচাৰী সকল, স্থানীয় ৰাইজ, সংবাদকৰ্মী সকল তথা অন্যান্য বহু ব্যক্তিৰ উপস্থিতি পৰিলক্ষিত হয় ।
বিষয়া কৰ্মচাৰী সকল, স্থানীয় ৰাইজ, সংবাদকৰ্মী সকল তথা অন্যান্য বহু ব্যক্তিৰ উপস্থিতি পৰিলক্ষিত হয় ।
