নিউজডেক্স,১৫মাৰ্চ,২০২৬ :আজি বিয়লি ৪ বজাত এক সংবাদ মেল যোগে অসম সহ দেশৰ আন চাৰিখন ৰাজ্য ক্ৰমে পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে
অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। ১৬ মাৰ্চত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা। মনোনয়নৰ অন্তিম দিন ২৩ মাৰ্চ। মনোনয়নৰ পুনৰীক্ষণৰ তাৰিখ ২৪ মাৰ্চ, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ। ৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা। ৬ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব সকলো নিৰ্বাচনী কাম।
এই ঘোষণাৰ লগে লগে পাঁচখন ৰাজ্যতে আৰম্ভ হ’ল নিৰ্বাচনী প্ৰক্ৰিয়া। বিশেষকৈ অসমৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে নিৰ্বাচন আয়োগে। এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে মুঠ ৩১,৪৮৬টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ ভিতৰত গাঁও অঞ্চলত থাকিব ২৭,৭১১টা ভোটকেন্দ্ৰ আৰু নগৰাঞ্চলত থাকিব ৩,৭৭৫টা ভোটকেন্দ্ৰ৷ আনহাতে নাৰী শক্তিক উৎসাহিত কৰাৰ উদ্দেশ্যে এইবাৰ ৰাজ্যত ৩,৭১৬টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিব। কোনো ভোটকেন্দ্ৰতে ১,২০০গৰাকীতকৈ অধিক ভোটাৰ নাথাকিব বুলি আয়োগে নিশ্চিত কৰিছে।
ভোটাৰসকলৰ বাবে প্ৰতিটো কেন্দ্ৰত খোৱাপানীৰ ব্যৱস্থা থকাৰ লগতে দিব্যাংগ ভোটাৰৰ সুবিধাৰ বাবে ভোটকেন্দ্ৰসমূহ ভূমি মহলাত স্থাপন কৰা হ’ব। প্ৰাৰ্থীক সহজে চিনাক্ত কৰাৰ বাবে ভোটাৰৰ সুবিধাৰ্থে এইবাৰ প্ৰথমবাৰৰ বাবে ইভিএমত প্ৰাৰ্থীৰ ৰঙীন ফটো সংযুক্ত কৰা হ’ব ৷
ভোটকেন্দ্ৰৰ ভিতৰত ম’বাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে আৰু ভোটাৰসকলে নিজৰ মোবাইল ফোন কেন্দ্ৰৰ বাহিৰত থৈহে ভোট দিব লাগিব।
ই চি আই নেট নামৰ এক এপ’ৰ জৰিয়তে
নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য ভোটাৰসকলে লাভ কৰিব ।
অসম, কেৰালা আৰু পুডুচেৰীত ৯ এপ্ৰিলত এটা পৰ্যায়ত ভোটগ্ৰহ হ’ব, ইফালে তামিলনাডুত ভোটগ্ৰহণ হব ২৩ এপ্ৰিলত আৰু পশ্চিম বংগত ২৩ আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ আৰু ৪ মে’ত সকলো ৰাজ্যতে ভোটগণনা অনুষ্ঠিত হ’ব ৷


