নিউজডেক্স, ১৬ মাৰ্চ : জনস্বাস্থ্যলৈ পিঠি দি নাজিৰা আৰু শিমলুগুৰি অঞ্চলত ভেজাল পনিৰৰ ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি পুষ্টিকৰ খাদ্য হিচাপে পৰিচিত পনিৰৰ নামত বহু ব্যৱসায়ীয়ে ৰাইজক ভেজাল খাদ্য বিক্ৰী কৰি অধিক মুনাফা লাভ কৰি আহিছে।
প্ৰাপ্ত তথ্য অনুসৰি শিমলুগুৰি অঞ্চলত প্ৰতি কেজি পনিৰ সাধাৰণতে ৪৮০ টকাৰ পৰা ৫০০ টকা দৰত বিক্ৰী কৰা হয়। কিন্তু একাংশ বিক্ৰেতাই অধিক লাভৰ আশাত গাখীৰৰ লগত বিভিন্ন অবৈধ দ্ৰব্য মিহলাই পনিৰ প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপিত হৈছে।এই ভেজাল পনীৰবোৰ পানীত দিয়াৰ লগে লগে গলি বিজলুৱা হৈ যায় আৰু ৰন্ধাৰ পিছত ফুলি যোৱাৰ লগতে খাবলৈ স্বাদহীন ৰবৰৰ দৰে হয়৷ এনে ভেজাল পনিৰ সেৱনে জনস্বাস্থ্যৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলাব পাৰে বুলি সচেতন ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে।
ইফালে, এনে ধৰণৰ অবৈধ ব্যৱসায় অঞ্চলটোত নিৰ্বিঘ্নে চলি থাকিলেও নাজিৰাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে স্থানীয় প্ৰশাসন এই ক্ষেত্ৰত আশ্চৰ্যজনকভাৱে নিমাত হৈ থকাহে পৰিলক্ষিত হৈছে৷ স্থানীয় ৰাইজে এই বিষয়ত খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা সমজিলা প্ৰশাসনক অতি শীঘ্ৰেই তদন্ত চলাই ভেজাল পনিৰ প্ৰস্তুত আৰু বিক্ৰীৰ সৈতে জড়িত ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।