নিউজডেক্স,১৮মাৰ্চ,২০২৬ : নাজিৰা: ৰাজ্যখনৰ বিভিন্ন ৰাজহ চক্ৰত ৰাইজৰ সুবিধাৰ্থে মাটি-বাৰী সংক্ৰান্তীয় কাম-কাজ যেনে নামজাৰি, ভাগ-বাটোৱাৰা, পট্টা পৃথকীকৰণ আদি ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা অনলাইন ব্যৱস্থাই বহু ক্ষেত্ৰত সুফল কঢ়িয়াই আনিলেও এতিয়া ইয়াক লৈ প্ৰৱঞ্চনাৰ ঘটনাও বৃদ্ধি পোৱা দেখা গৈছে।
ৰাজহ বিভাগত প্ৰশাসনিক স্বচ্ছতা আৰু ক্ষীপ্ৰতা অনাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অনলাইন ব্যৱস্থাক একাংশ দালাল শ্ৰেণীৰ লোকে লুণ্ঠনৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি সাধাৰণ ৰাইজক শোষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
শেহতীয়াকৈ নাজিৰা আৰু শিৱসাগৰ ৰাজহ চক্ৰত নামজাৰি, পট্টা পৃথকীকৰণ আদি কামৰ বাবে অনলাইনযোগে আবেদন জনোৱা বহু লোকক এক দুষ্ট চক্ৰই ৯৬৩৩৮৭০৬৭১/০৯৪৩৬৪০২৭৪০/ ৮০৯৯৯৭৪৫৮০/৯৭০৭৪৬৪৭৮৫ ইত্যাদি অচিনাকী নম্বৰৰ পৰা ফোন কৰি ব্যক্তিজনৰ আবেদন স্বীকৃতি নম্বৰ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, ফটো আদি গুৰুত্বপূৰ্ণ ব্যক্তিগত তথ্য হোৱাটছএপ যোগে বিচৰা বুলি জানিব পৰা গৈছে। এই তথ্য পোৱাৰ পিছত সংশ্লিষ্ট কামসমূহ সম্পন্ন কৰি দিয়াৰ বাবদ এক বুজন পৰিমাণৰ ধন দাবী কৰা হয় বুলিও অভিযোগ উত্থাপিত হৈছে।
প্ৰৱঞ্চনাৰ উদ্দেশ্যে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নাম ব্যৱহাৰ কৰি কৰা এনে ফোনকলত ভোল গৈ বহু নিৰীহ সাধাৰণ ৰাইজে ইতিমধ্যে বুজন পৰিমাণৰ ধন হেৰুৱাব লগীয়া হোৱা বুলিও গম পোৱা গৈছে।
এনে ঘটনাই ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ ব্যৱস্থাটোকেই সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে৷
বিশেষকৈ শিৱসাগৰ আৰু নাজিৰা ৰাজহ চক্ৰৰ নাম লৈ এই কাৰ্যালয় দুটাত মাটি বাৰী সংক্ৰান্তীয় কাম সমাধা কৰাৰ প্ৰলোভনেৰে ৰাইজক লুণ্ঠিত কৰিব বিচৰা এক দুষ্ট চক্ৰই এই কাৰ্যালয়ত নামজাৰি, ভাগ-বাটোৱাৰা, পট্টা পৃথকীকৰণ আদিৰ বাবে আবেদন কৰা লোকৰ ফোন নম্বৰ কেনেকৈ সংগ্ৰহ কৰিছে ইয়ো এক ৰহস্যজনক বিষয় ! বহুলোকে এইক্ষেত্ৰত কাৰ্যালয়ৰ ভিতৰৰ কোনোবা ব্যক্তিৰ লগতে ভূমিৰ অনলাইন কামৰ লগত জড়িত কোনো লোক এই দুষ্ট চক্ৰৰ লগত জড়িত থকাৰ আশঙ্কাও ব্যক্ত কৰিছে৷ এই সন্দৰ্ভত আমি নাজিৰাৰ চক্ৰ বিষয়া চন্দনা বৰুৱাৰ লগত যোগাযোগ কৰাত তেখেতে বিগত কিছুদিনৰ পৰা এটা দুষ্ট চক্ৰই সমগ্ৰ অসমতে এনে প্ৰৱঞ্চনাৰ প্ৰচেষ্টা চলাই আছে বুলি কোৱাৰ লগতে এই সন্দৰ্ভত ইতিমধ্যে নাজিৰাৰ সমজিলা আৰক্ষী বিষয়াক অভিযোগ দিয়া হৈছে বুলি কয় যদিও এই ঘটনা সন্দৰ্ভত নাজিৰা থানাত কোনো এজাহাৰ পঞ্জীয়ন হোৱা নাই বুলি গম পোৱা গৈছে৷ চক্ৰ বিষয়া গৰাকীয়ে এনে চাইবাৰ ক্ৰাইমত ৰাজহ বিভাগৰ অনলাইন কৰ্মত জড়িত কোনো অসাধু ব্যক্তি জড়িত থকাৰ সম্ভাৱনাও ব্যক্ত কৰে৷ আনহাতে নাজিৰাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত জনসচেতনতাৰ বাবে এনে প্ৰৱঞ্চকৰ ফোন নম্বৰ সহ জাননীও জাৰী কৰা হৈছে৷ এই সন্দৰ্ভত বৃহত্তৰ ৰাজহুৱা স্বাৰ্থৰ খাতিৰত সমুচিত তদন্তৰে এই প্ৰৱঞ্চক চক্ৰক উৎখাত কৰাৰ বাবে নাজিৰাৰ দুজন জ্যেষ্ঠ সাংবাদিকে আজি নাজিৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷আনহাতে চৰকাৰে ৰাজ্যৰ জনতাক অন্ধকাৰত ৰাখি মাটিৰ খাজানা ৪০০% পৰা ১০০০%লৈ বৃদ্ধি কৰি ৰাইজক কেকোঁৰা চেপা দিয়াৰ সময়তে ভূমি সংক্ৰান্তীয় কামত এনে অনলাইন প্ৰৱঞ্চনাৰ জালে সাধাৰণ ৰাইজক বিবুধিত পেলোৱা পৰিলক্ষিত হৈছে৷ গতিকে এনেক্ষেত্ৰত ৰাইজ সতৰ্ক হোৱাৰ লগতে চৰকাৰেও শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত৷জনতাৰ গোপনীয় তথ্য সণ্ঢালনিক প্ৰতিৰোধ কৰি প্ৰশাসনিক গোপনীয়তা আৰু স্বচ্ছতা ৰক্ষাৰ বাবে চৰকাৰে এনে ঘটনাৰ সন্দৰ্ভত জৰুৰী ভাৱে তদন্তৰ নকৰিলে বহু সাধাৰণ ৰাইজ এই প্ৰৱঞ্চক চক্ৰৰ কৱলত পৰাৰ আশঙ্কা আছে৷

