সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তৎপৰতাত বিজেপি দলত যোগদান কাৰ্যসূচী সম্পন্ন।
কংগ্ৰেছ দলে ২৫ বছৰ ধৰি সোণাৰি সমষ্টি দখল কৰা পাছতো সামগ্ৰিক উন্নয়ন নহ’ল বুলি মন্তব্য বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।
বিৰোধী দলৰ প্ৰতি আস্থা নথকাৰ বাবেই ভাৰতীয় জনতা পাৰ্টীৰ দলৰ প্ৰতি জনসাধাৰণ আকৃষ্ট হৈছে বুলি মন্তব্য।
সোণাৰি, ২৬ জুলাই:- সোণাৰিত বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ আজি ডেৰকুৰিৰোধিক লোকে দলটোত যোগদান কৰে। এই উদ্দেশ্যে সোণাৰিত আজি অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত প্ৰাক্তন আটাছু নেতা তথা অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সদ্যপ্ৰাক্তন নেতা গণেশ বৰগোহাঞিৰ নেতৃত্বত বিজেপি দলত যোগদান কৰে বিভিন্ন দল-সংগঠনৰ লোকসকলে।

এই উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাত এপিজিচিএলৰ সঞ্চালক মণ্ডলীৰ অনুপ সিং ৰাজপুৰোহিত, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগৰ লগতে বিজেপি দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে। ইফালে বিৰোধী দলৰ প্ৰতি আস্থা নথকাৰ বাবেই আজি জনসাধাৰণে বিজেপি দলত যোগদান কৰা বুলি মন্তব্য কৰা লগতে সোণাৰি সমষ্টিটো ২৫ বছৰে কংগ্ৰেছ দলে দখল কৰা পাছতো সামগ্ৰিক উন্নয়ন নোহোৱা বুলিও মন্তব্য কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

