
সোণাৰি:- এক দেশ এক ভাষা হ’লে অসমবাসীয়ে অসুবিধাৰ সন্মুখীন হ’ব বুলি মন্তব্য অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।
আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত পুৰ্ণ সমৰ্থন জনায় শীঘ্ৰেই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি গৰাকীৰ। ইফালে চৰাইদেউ জিলাৰ সীমা সমস্যা সন্দৰ্ভতো মন্তব্য দেৱব্ৰত শইকীয়াৰ। সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেই এই সমস্যা সমাধান হ’ব বুলি মন্তব্য কংগ্ৰেছ নেতা জনৰ। সোণাৰি সমষ্টিৰ বিজেপি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত চৰাইদেউ জিলাৰ নিমনাগড়ত অনুষ্ঠিত উজ্বল ভাৰত উজ্বল ভৱিষ্যত শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰৰ ভাল কামক সমৰ্থন আৰু বেয়া কামৰ সমালোচনা কৰি যাব বুলিও মন্তব্য নেতাজনৰ।


https://youtu.be/QVNoiw1RTAY