
নাজিৰা, ২৮ জুলাই- সমগ্ৰ ৰাজ্যখনৰ লগতে আজি নাজিৰা মহকুমাতো তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু মহকুমা প্ৰশাসনৰ সহযোগত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত দেশ ভক্ত তৰুণৰাম ফুকনৰ স্মৃতি দিৱস উপলক্ষ্যে “দেশ ভক্তি দিৱস“ উদ্ যাপন কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে নাজিৰা ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুয়া নাম্পুইয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰাম্ভ কৰি দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। পৰৱৰ্তী সময়ত নাজিৰা মহকুমাৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীৰ লগতে বিশিষ্ট অতিথি সকলেও মাল্যৰ্পণ কৰে।

নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুয়া নাম্পুইয়ে নিজৰ আদৰণি ভাষণত আজিৰ এই দিনটোৰ তাৎপৰ্যৰ কথা বৰ্ণনা কৰি কয় যে, “দেশ ভক্ত তৰুণৰাম ফুকন একেধাৰে মুক্তি যুঁজাৰু আৰু সাহিত্যিক আছিল। দেশক স্বাধীন কৰাৰ হকে মহাত্মা গান্ধীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনৰ তেখেত আছিল অন্যতম সেনানী। ১৯২৩ চনত তৰুণ ৰাম ফুকনে যোগদান কৰিছিল চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা স্বৰাজ দলত। অসম সাহিত্য সভাৰ ১৯২৭ চনত গোৱালপাৰাত অনুষ্ঠিত হোৱা অধিবেশনৰো তেখেত সভাপতি আছিল ।” ইয়াৰ পিছতে উপস্থিত সকলোকে তেখেতে শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি শ্বহীদ পিয়লি ফুকন কলেজৰ সহকাৰী অধ্যাপক ড° উমাকান্ত হাজৰিকাই কয় যে, ” তৰুণ ৰাম ফুকন আছিল অসমৰ এজন সুযোগ্য সন্তান কিয়নো গভীৰ দেশ প্ৰেম কৰ্তব্যনিষ্ঠা , সততা আৰু দক্ষতাৰে উৰে জীৱন দেশ মাতৃক সেৱা আগবঢ়াইছিল । অসমৰ স্বাধীনতা আন্দোলনত ডেকা সকলক অংশ গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰাত তৰুণ ৰাম ফুকনৰ অৱদান অপৰিসীম। তেখেত আছিল বহু মুখি প্ৰতিভাৰ ব্যক্তি । তেখেতে অসমীয়া ইংৰাজী উৰ্দুকে প্ৰমুখ্যে কৰি বিভিন্ন ভাষাত সাৱলীল বক্তব্য দিছিল । তেখেতেৰ লেখনি সকলো শ্ৰেণী পাঠকৰ প্ৰিয় আছিল। এজন সাহিত্যিক হিচাপে তেখেতে বহু কেইটা প্ৰবন্ধ আৰু কবিতা লিখি অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰি থৈ গৈছে। প্ৰথম বাইচাইকেল উলাওতে গুৱাহাটী চহৰত বাইচাইকেল চলোৱা প্ৰথম মানুহজনেই আছিল তৰুণৰাম ফুকন । তেখেতৰ মহাপ্ৰয়াণৰ এই দিনটোক অসম চৰকাৰে “দেশ ভক্তি দিৱস” হিচাপে পালন কৰিবলৈ লোৱা সিদ্ধান্ত এক উল্লেখনীয় পদক্ষেপ।” লগতে তেখেতে কয় যে এই দিৱস পালনে মহানব্যক্তি গৰাকীক ভৱিষ্যত প্ৰজন্মৰ মাজত অমৰ কৰি ৰাখিব।

ইয়াৰ পিছতে তৰুণ ৰাম ফুকন দেৱে লিখা “আই মোৰ অসম” কবিতাটি আবৃত্তি কৰে সংহত শিশু উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰ পৰ্যৱেক্ষিকা নিলাখী বৰুৱাই। অনুষ্ঠানত শ্বহীদ পিয়লি ফুকন কলেজৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি নাথেও নিজৰ বক্তব্যত অসম চৰকাৰৰ এই সিদ্ধান্তক তথা নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ লগতে নাজিৰা মহকমা প্ৰশাসনৰ দ্বাৰা অনুষ্ঠিত এই অনুষ্ঠানটিক প্ৰশংসা কৰে।
উক্ত অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্তই। তেখেতে কয় যে, “বিবিধ গুণৰ অধিকাৰী তৰুণৰাম ফুকন দেৱ আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ আদৰ্শ, স্বদেশ অনুৰাগ আৰু নেতৃত্ব দিব পৰা গুণৰ বাবে অসমীয়াৰ মনে প্ৰাণে চিৰদিন জীয়াই থাকিব।”

মহকুমাধিপতি কাৰ্যালয়ৰ কৰ্মচাৰী শ্ৰীযুত বিশ্বজিৎ নাথে আঁত ধৰা অনুষ্ঠানটিত নাজিৰা মহকুমাৰ কাৰ্য্যবাহী দণ্ডাধীশ প্ৰীতম গগৈ, নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া তৰুণ কুৰ্মী, নাজিৰাৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল, মুক্তি যুঁজাৰু সন্মিলনৰ সদস্য সকল, জ্যেষ্ঠ নাগৰিক সকল, নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মী সকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।


