নাজিৰাৰ ৰজাপুলত কণ কণ লৰা ছোৱালীৰ অংকীয়া ভাওনা প্ৰৰ্দশন, ছাত্ৰ-ছাত্ৰীৰ অভিনয়ে সকলোকে মুগ্ধ কৰে I

বৃহস্পতি বাৰৰ নিশা নাজিৰাৰ ৰজাপুলত কণ কণ লৰা-ছোৱালীৰ অংকীয়া ভাওনা প্ৰৰ্দশনে দৰ্শনাৰ্থীক আপ্লুত কৰে । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ শিমলুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত প্ৰাইম এণ্টাৰপ্ৰাইজ আৰু ৰজাপুল আঞ্চলিক ভাওনা সমিতিৰ সহযোগত ৰজাপুল ৰংগ মঞ্চত অনুষ্ঠিত অংকীয়া ভাওনা প্ৰৰ্দশনত অঞ্চলটোৰ প্ৰায় উনত্ৰিশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে । তেওঁলোকৰ অভিনয় শৈলীয়ে সকলোকে মুগ্ধ কৰে । চৈধ্য দিনীয়া অংকীয়া ভাওনা কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয় । কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক আছিল অচিন্ত মহন্ত । নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংকীয়া ভাওনা প্ৰৰ্দশন উপভোগ কৰে ।



