অসমৰ ডিজিটেল সংবাদ জগতত নৱ সংযোজন “নিউজ হাণ্ট”ৰ(NEWSHUNT)শুভউদ্বোধন I

অনুসন্ধানমূলক আৰু সত্যনিষ্ঠ বাতৰি প্ৰচাৰৰ প্ৰতিশ্ৰুতিৰে অসমৰ ডিজিতেল সংবাদ জগতত আজি প্ৰৱেশ ঘটিল “নিউজ হাণ্ট”(NEWSHUNT) নামৰ এক ৱেব পৰ্টেল । নাজিৰাৰ এম চি ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গন্যমাণ্য ব্যক্তিৰ উপস্থিতিত “নিউজ হাণ্টৰ”(NEWSHUNT) শুভউদ্বোধন কৰা হয় । স্কুলীয়া ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত বৰগীত আৰু জিকিৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানতিৰ আঁত ধৰে নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি বুলু চেতিয়াই ।
শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ বুঢ়াগোহাঁই, বিশিষ্ট সাংবাদিক বীৰেণ শৰ্মা, নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্ত, জ্যেষ্ঠ সাংবাদিক এম আই বৰাকে আদি কৰে বহু বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকি ‘নিউজ হাণ্টৰ’ উত্তৰোত্তৰ কামনা কৰি বক্তব্য দাঙি ধৰে ।


