চৰকাৰী তথ্যানুসৰি দেশৰ ১১.৪০ লাখ লোক মাৰাত্মক কোকেইনৰ ৰাগীত আসক্ত : ২০ লাখ নাবালকে সেৱন কৰে গাঞ্জা৷
নাজিৰা, ৫ আগষ্ট :- মাদক দ্ৰব্যৰ বিৰুদ্ধে দেশত ব্যাপক অভিযান চলাই থকাৰ সময়ছোৱাতেই সংসদৰ বৰ্ষাকালীন অধিৱেশনত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ বহুলোক এতিয়া বিভিন্ন মাদক দ্ৰব্যত আসক্ত হৈছে৷ যি সময়ত চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই আছে, তেনে সময়তে কোটি কোটি লোক বিভিন্ন মাদক দ্ৰব্যৰ সেৱনত লিপ্ত হৈছে৷ বিভিন্ন মাদক দ্ৰব্যৰ সেৱনত এতিয়া শিশুসকলো নামি পৰিছে৷ নিজৰ ভৱিষ্যতক বিপদৰ মুখ্যলৈ ঠেলি লাখ লাখ শিশু এতিয়া দিনে-নিশাই মাদক দ্ৰব্যৰ সেৱনত লিপ্ত হৈ পৰিছে৷ দেশৰ কমেও ২০ লাখ নাবালকে সেৱন কৰে গাঁজাৰ দৰে মাদক দ্ৰব্য৷ ইমানেই নহয় ৪০ লাখ নাবালকে হেৰ’ইন, ২ লাখ নাবালকে কোকেইনৰ দৰে মাদক দ্ৰব্যত আসক্ত বুলি সংসদত প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ সংসদত এক প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰে যে দেশৰ কমেও ৩ কোটি ১০ লাখ ১৮ হাজাৰ লোক গাঁজাত আসক্ত৷ ইয়াৰ ২০ লাখ নাবালক আৰু ২,৯০,১৮০০০ বয়স্ক লোক অন্তৰ্ভুক্ত আছে বুলি উল্লেখ কৰে৷ কমেও প্ৰায় ২ কোটি লোকে হেৰ’ইন বা অন্যান্য মাদক দ্ৰব্যত আসক্ত৷ ইয়াৰে ৪০ লাখ নাবালক আৰু ১ কোটি ৮৬ লাখ ৪৪ হাজাৰ বয়স্ক লোক অন্তৰ্ভুক্ত আছে বুলি উল্লেখ কৰে৷ কোকেইনৰ দৰে মাৰাত্মক দ্ৰব্য দেশত অধিক মাত্ৰাত সেৱন কৰি থকা হৈছে৷ কমেও ১১ লাখ ৪৪ লাখ লোক কোকেইনত আসক্ত হৈছে৷


