![]()
SAYED KHAIRUL HASSAN

বৰ্তমান দুৰন্ত গতিত সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰা ছ’চিয়েল মিডিয়া তথা সামাজিক মাধ্যমে সাংবাদিকতাৰ ক্ষেত্ৰত এক আমূল পৰিবৰ্তন অনা পৰিলক্ষিত হৈছে৷ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বৰ মুঠ জনসংখ্যাৰ ৪৭ শতাংশৰো অধিক লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে আৰু এই লোকসকলৰ মাজত ছ’চিয়েল মিডিয়াৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগতে জনমত গঠনৰ ক্ষেত্ৰতো ই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে ৷
বৰ্তমান বৃহৎ পুঁজিপতি গোষ্ঠীৰ দ্বাৰা স্ব আৰোপিত নিৰ্দ্দেশনাৰ ভিত্তিত প্ৰচাৰিত এক বিশেষ ধাৰণাৰ পৰম্পৰাগত সংবাদ মাধ্যমৰ বিপৰীতে সামাজিক মাধ্যমৰ জড়িয়তে এক স্বতন্ত্ৰ, মুক্ত সাংবাদিকতাই গঢ় লৈ উঠাৰ সময়ত সৃজনশীল আৰু গঠনমূলক মানসিকতাৰে ছাইৰ মাজতো ফিৰিঙতিৰ সন্ধাানত ,নেতিবাচক বাতৰিৰ মাজতো ইতিবাচক চিন্তাৰ উঁহ বিচৰাৰ প্ৰয়াস স্বৰূপেই ’ নিউজ হাণ্ট’ৰ জন্ম৷ সাম্প্ৰতিক সময়ৰ জটিল সামাজিক সন্ধিক্ষণত আমাৰ দৰে নিম্ন মধ্যবিত্তৰ বাবে এনে এক গণ মাধ্যম চলোৱাটো অতি কষ্ট সাধ্য যদিও ’নিউজ হাণ্ট’ পৰিয়ালৰ প্ৰতিজন সংবাদকৰ্মীৰ প্ৰবল ইচ্ছাশক্তি , নিষ্ঠা আৰু ৰাইজৰ ওপৰত থকা অগাধ বিশ্বাসেই আমাৰ মূল সাৰথি ৷
সাংবাদিকতাৰ প্ৰতি থকা নিচা আৰু মোহগ্ৰস্ততাৰ বাবে ইতিপূৰ্বে আমি নাজিৰাৰ পৰা ’সংবাদ জ্যোতি’ আৰু ’ আমাৰ কথা’ নামৰ দুখন বাৰ্তালোচনী কিছুবছৰ ধৰি প্ৰকাশ কৰাৰ পিছত বিশেষ অসুবিধাবশতঃ আলোচনী দুখনৰ প্ৰকাশ বন্ধ হৈ পৰাৰ পৰৱৰ্তী পৰ্যায়ত ডিজিটেল মাধ্যমত উক্ত ধাৰা অব্যাহত ৰখাৰ প্ৰচেষ্টা স্বৰূপেই ’নিউজ হাণ্ট’ক ৰাইজৰ মাজলৈ অনা হৈছে৷
নিৰপেক্ষতাৰ পৰিৱৰ্তে সদাই সত্য আৰু ৰাইজৰ পক্ষত অৱস্থানৰ পক্ষপাতিত্বৰে আমি গতানুগতিক বা বাতৰিৰ পৰিৱৰ্তে অনুসন্ধিৎসু মানসিকতাৰে নতুন নতুন বাতৰি উদ্ঘাটনৰ ওপৰতহে গুৰুত্ব দিয়াৰ প্ৰয়াস চলাম ৷ ধাৰাবাহিকতা ৰক্ষাৰ বাবে কেৱল বাতৰিৰ নামত বাতৰি পৰিবেশন কৰাৰ বিপৰীতে মানবীয় প্ৰমূল্যবোধেৰে আমি খবৰৰ আঁৰৰ খবৰৰ পম খেদাৰহে পক্ষপাতী!
সমাজৰ প্ৰতিটো দল,সংগঠন,গোট বা পৰিয়ালৰ প্ৰতেকজন ব্যক্তিৰ মাজত লুকাই থকা অমূল্য মানৱ সম্পদৰ সন্ধান,বিকাশ আৰু উত্তৰণৰ ক্ষেত্ৰত সহযোগিতাৰ মাধ্যম ৰূপে কাম কৰি যোৱাই আমাৰ প্ৰকৃত লক্ষ্য ৷


