ছিকিমত দুৰ্ঘটনাগ্ৰস্ত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ কনভয়
নাজিৰা,৬ আগষ্ট: আজি পুৱা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ কনভয় এক দুৰ্ঘটনাত পতিত হয়। ছিকিমৰ গেংটকৰ পৰা বাগডোগ্ৰা বিমানবন্দৰ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।
ৰাণীপলত এখন ডাম্পাৰৰ সৈতে পাইলট গাড়ীখনৰ সংঘৰ্ষ হোৱাত এই দুৰ্ঘটনাটো ঘটে।
দুৰ্ঘটনাটোত ৰোষণ নামৰ চালকজন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ডাঃ নুমল মমিনে টুইটযোগে কয়, ‘আজি পুৱা প্ৰায় ৬.৪৫ বজাত আমাৰ পাইলট গাড়ীখনে বাগডোগ্ৰা বিমানবন্দৰলৈ যোৱাৰ পথত এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে’।
এই দুৰ্ঘটনাটোত পাইট গাড়ীখনৰ চালকজন সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হোৱা বুলি উল্লেখ কৰি তেওঁ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলিও টুইত যোগে জনায়।


