হাতত ত্ৰিৰংগা লৈ শিক্ষাৰ্থীৰ সৈতে সমদলত ভাগ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…
আজিৰে পৰা তিনিদিনীয়াকৈ দেশত উদযাপন হ’ব স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিছে ত্ৰিৰংগা।

দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে।

শনিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰভাত ফেৰী কাৰ্যসূচীৰে বিশাল সমদল উলিওৱা হৈছে।
শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহানগৰীত হাতত ত্ৰিৰংগা লৈ সমদলেৰে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী ৰূপায়ণ কৰে।



