মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অনুমোদিত জিলা সমাজ কল্যাণ বিভাগ শিৱসাগৰৰ তত্ত্বাৱধানত “সখী একক অৱস্থান কেন্দ্ৰ”ৰ আজি আধাৰ শিলা স্থাপন কৰা হয়৷ শিৱসাগৰ জিলাৰ জয়সাগৰত
স্থাপন হোৱা উক্ত কেন্দ্ৰটিৰ আধাৰশিলা কৰে শিৱসাগৰ জিলা সমাজ কল্যাণ বিষয়া জ্যোতি বিকাশ দত্তই ৷ অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী আৰু একক অৱস্থান কেন্দ্ৰৰ কৰ্মচাৰী সকল উপস্থিত থাকে৷
মহিলা সকলৰ সুৰক্ষাৰ বাবেই এই সখী একক অৱস্থান কেন্দ্ৰ স্থাপন কৰিছে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে ৷ ঘৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক মহিলা সকলে নিৰ্যাতিতা বুলি অনুভৱ কৰিলে এই কেন্দ্ৰই সহায় কৰিব, যৌতুক সংক্ৰান্তীয় বিষয়, নাবালিকা বা মহিলাই অসহায় অনুভৱ কৰিলে , মাহিলাৰ ওপৰত হোৱা যিকোনো শাৰীৰিক বা মানসিক নিৰ্যাতন আৰু ডাইনী সংক্ৰান্তীয় বিষয়ত এই কেন্দ্ৰটোৱে মহিলা সকলক তৎকালীন ভাৱে প্ৰশাসনিক , আইনী তথা প্ৰয়োজন অনুসৰি চিকিৎসাৰ সহায় আগবঢ়াব৷


