নাৰীক সন্মান কৰিবলৈ শিকক ! কিন্তু কিয় বুলি যদি ভাবিছে তেনেহলে হিমাংশু প্ৰসাদ দাসৰ মুক্তিৰ অপেক্ষাত থকা BULU FLIM চিনেমা খন চাওক৷
৯ ছেপ্তেম্বৰত অসমৰ প্ৰতিটো ছবি গৃহত মুক্তি লাভ কৰিব নতুন অসমীয়া কথাছবি BULU FLIM । নাজিৰাত চিনেমাখনৰ প্ৰচাৰত ব্যস্ত পৰিচালক।
অহা ৯ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব BULU FLIM নামৰ নতুন অসমীয়া কথাছবি খনে৷ অসমৰ বিভিন্ন প্ৰান্তত এতিয়া চিনেমাখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে BULU FLIM কথাছবি খনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ লগতে ছবি খনত জড়িত কলা কৌশলী সকল৷
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰাতো ছবি খনৰ প্ৰচাৰৰ বাবে কালি উপস্থিত হয়হি ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাস। নাজিৰা নাট্যমন্দিৰ,নাজিৰা বোলছবি গৃহত BULU FLIM চিনেমাখনৰ প্ৰচাৰ চলাই পৰিচালক হিমাংশু প্ৰসাদ দাস আৰু টিম BULU FLIM এ।
পৰিচালক হিমাংশু প্ৰসাদ দাসে নাজিৰাত চিনেমাখনৰ প্ৰচাৰ চলাবলৈ আহি কয় যে নামনি অসমৰ এখন সাধাৰণ গাঁৱকো সমস্যাত পেলাইছিল লকডাইনে।লকডাউনৰ সময়ত নিম্ন মধ্যবিত্ত লোকৰ বসতিস্থল সেই গাঁওখনৰ বাসিন্দাই ভীষণ অভাৱৰ সন্মুখীন হৈছিল।সেইখন গাঁৱৰে তিনিজন যুৱকেও হেৰুৱাইছিল নিজৰ উপাৰ্জনৰ পথ।অৱশেষত উপাৰ্জনৰ বিকল্প বিচাৰি তেওঁলোকে গাঁৱতে BULU FLIM নিৰ্মাণৰ পৰিকল্পনা কৰে।সেই BULU FLIM ইণ্টাৰনেটত আপলোড কৰি ধন ঘটাৰ সপোন দেখা তিনি যুৱক মুখামুখি হয় এক অভাৱনীয় বাস্তৱৰ।মূলতঃ এই কাহিনীৰে নিৰ্মাণ কৰা হৈছে হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে অসমীয়া নতুন ছবি BULU FLIM। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত BULU FLIM চতুৰ্থ খন চিনেমা।
হাস্য-ব্যংগৰে আৰম্ভ হোৱা চিনেমাখনে পৰিসমাপ্তিত এক অভাৱনীয় পৰিণতিৰে শেষ হ’ব বুলি কয় চিনেমাখনৰ পৰিচালকে।
লগতে ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে কয় যে এই ছবি খন ছোৱাৰ পিছত নাৰীৰ প্ৰতি অধিক সন্মান বৃদ্ধি হব৷
আনহাতে ছবি খন প্ৰচাৰৰ বাবে নাজিৰা বোলছবি গৃহত টিম “BULU FLIM” উপস্থিত হোৱাৰ সময়তে নাজিৰা বোলছবি গৃহ কৰ্তৃপক্ষই BULU FLIM চিনেমাখন উপভোগ কৰিবলৈ অহা দৰ্শকৰ বাবে টিকটৰ ক্ষেত্ৰত ১০ শতাংশ বিশেষ ৰেহাই ঘোষণা কৰে৷


