নিউজ ডেক্স,৫ জানুৱাৰী ২০২৩ : বিগত বৰ্ষৰ ৫ ডিচেম্বৰৰ পৰা ৰাজ্যৰ ১১খন জিলাত আৰম্ভ হোৱা “ বিকাশৰ বাবে এটা পষেক” কাৰ্যসূচীৰ অংশস্বৰূপে আজি কামৰূপত ১৭৭৭ কোটি টকাৰ বিভিন্ন প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷এই প্ৰকল্পৰ ভিতৰত অন্যতম প্ৰকল্প হ’ব নতুন ৰাজভৱনৰ নিৰ্মাণ। ৪১.৩২ কোটি ব্যয়ৰে ৯৬৩১ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ হ’বলগীয়া নতুন ৰাজনিৱাসৰ আজি ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মা আৰু ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।
খাৰঘুলিত নতুন ৰাজনিৱাসৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী শৰ্মাই অহা ১৮ মাহৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়াৰ লগতে পুৰণি ৰাজভৱনত ভূমিস্খলনৰ আশংকা থকাৰ বাবেই ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণ কৰি নতুন ৰাজনিৱাস নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে নতুন ৰাজনিবাস নিৰ্মাণ কাৰ্যৰ সমান্তৰালকৈ পুৰণি ৰাজভৱনক মেৰামতিৰ কৰি ইয়াক অতিথিশালালৈ ৰূপান্তৰ কৰা হ’ব।আৰু ইয়াত হেলিপেডৰো ব্যৱস্থা থাকিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
মহানগৰীত মুঠ ৭ টা প্ৰকল্পৰ আজি ভূমি পূজন সম্পন্ন হয়। আটাইকেইটা প্ৰকল্পৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
আৰক্ষী ছাউনিৰ পুনঃনিৰ্মাণ, ৰূপনগৰত সংহত কামৰূপ (ম) উপায়ুক্ত কাৰ্যালয়, খানাপাৰাত আৰক্ষী আয়ুক্ত, খানাপাৰাত ৫০০০ ক্ষমতাসম্পন্ন প্ৰেক্ষাগৃহ ভূমি পূজনৰ লগতে খানাপাৰাত ৫০০০ ক্ষমতাসম্পন্ন প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে মহানগৰীত মুঠ ১৭ শ কোটি টকাৰ প্ৰকল্পৰ কাম আজিৰ পৰা আৰম্ভ বুলি ঘোষণা কৰি পৰৱৰ্তি আন এটা দিনত মহানগৰীত বিকাশৰ বাবে এটা দিনৰ কাৰ্যসূচীৰে শিক্ষানুষ্ঠান প্ৰকল্প ভূমি পূজন হ’ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।বিদ্যালয়ৰ ভৱনসমূহ অত্যাধুনিকভাৱে পুনঃনিৰ্মাণ কৰা হ’ব বুলি জনায়।ইফালে মহানগৰীত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা অপৰাধ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
এতিয়াৰ পৰা মহানগৰীৰ চৰকাৰী, কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, আৰু ৫ জনতকৈ অধিক কৰ্মচাৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠানত চিচি টিভি স্থাপন কৰাটো বাধ্যতামূলক হ’ব।ৰাজ্য চৰকাৰৰ অনুমোদিত চিচি টিভি কেমেৰাহে সংস্থাপন কৰিব পাৰিব কাৰ্যালয় অথবা ব্যৱসায়িক প্ৰতিষ্ঠানত।অত্যাধুনিক সা-সুবিধা আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিৰ্মাণ কৰিবলৈ লোৱা ৰাজ নিবাসৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যপালৰ চৰকাৰী বাসভৱন ৰাজভৱনৰ পৰা ৰাজ নিবাসলৈ স্থানান্তৰ কৰা হ’ব।

