নিউজ ডেক্স, ৮ জানুৱাৰী: নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু গাৰোপৱন যৌথ বন পৰিচালনা সমিতি তথা কমলাবাৰী বনভোজ স্থলী পৰিচালনা সমিতিৰ সহযোগত আজি নাজিৰা মহকুমা অন্তৰ্গত গেলেকীস্থিত কমলাবাৰী বনভোজ স্থলীত এখন “শিশু সভা”ৰ লগতে “ট্ৰেকিং কাৰ্য্যসূচী” অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিত বাবুল গগৈৰ পৰিচালিত এটি বিহু দলে মহকুমাধিপতি আয়ুষী জৈনৰ লগতে উপস্থিত ৰাইজক আদৰি আনে। ইয়াৰ পিছতে গাৰোপৱন তথা কমলাবাৰী বনভোজ স্থলী পৰিচালনা সমিতিৰ সদস্য সকলে মহকুমাধিপতি আৰু মহকুমা প্ৰকাশনৰ বিষয়া সকলক এখন ফুলাম গামোচাৰে আদৰণি জনায়।
দহ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ আৰু নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে কমলাবাৰী বনভোজ স্থলীত “জঙ্ঘল ট্ৰেকিংৰ”ৰ শুভ উদ্ধোধনী কৰি প্ৰায় ৪ কি:মি দৈৰ্ঘ্যৰ ট্ৰেকিং পথ খোজেৰে অতিক্ৰম কৰে । ইয়াৰ পিছতে মহকুমাধিপতিয়ে সকলো ছাত্ৰ ছাত্ৰী লগত দুপৰীয়া অহাৰ গ্ৰহণ কৰে।
মহকুমাধিপতি আয়ুষী জৈনে নাজিৰা মহকুমাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা উক্ত “শিশু সভা” লৈ অহা ছাত্ৰ ছাত্ৰী সকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত মিলিত হয়। তেখেতে নিজৰ বক্তব্যত সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু আজিৰ এই ট্ৰেকিং কাৰ্য্যসূচী সম্পূৰ্ণ ৰূপে সাফল্যমন্দিত হৈছে বুলি মত প্ৰকাশ কৰে। ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি তেখেতে “zero waste”, waste management আদিৰ বিষয়ে অৱগত কৰায়।
তদুপৰি, বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলেও বিভিন্ন বিষয় যেনে মহিলা আৰু শিশুৰ সুৰক্ষা, পৰিষ্কাৰ -পৰিচ্ছন্নতা আৰু জাবৰ নিষ্কাষণ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাটাও বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।
বন বন্ধু, সমাজ কৰ্মী তথা কমলাবাৰী বনভোজ স্থলীৰ প্ৰতিষ্ঠাতা নীৰেন গগৈয়ে আঁত ধৰা অনুষ্ঠানত মহকুমা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে কৰ্মচাৰী সকল, শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মী সকল, কমলাবাৰী বনভোজ স্থলী পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয় সকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰী, ছাত্ৰ – ছাত্ৰী সকলৰ লগতে গৰিষ্ঠ সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

