অহা ৩ ফেব্ৰুৱাৰীত দেশজুৰি মুকলি হ’ব ড০ বেজবৰুৱা–২ : বিভিন্ন স্থানৰ ১০০খনতকৈও অধিক স্ক্ৰীণত একেলগে মুক্তি পাব ছবিখন
নিউজ ডেক্স, ৯ জানুৱাৰী : অহা ৩ ফেব্ৰুৱাৰীত দেশজুৰি মুকলি হ’ব অসমীয়া কথাছবি ড° বেজবৰুৱা-২। অসমৰ লগতে দেশৰ কেইবাখনো চহৰত মুকলি হ’বলগা ড০ বেজবৰুৱা একেলগে ১০০ খনতকৈও অধিক স্ক্ৰীণত একেদিনাই শুভমুক্তি হ’ব।
সোমবাৰে শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ছবিখনৰ প্ৰমোশ্যন। আজি কামাখ্যাত সেৱা লৈ মন্দিৰ প্ৰদক্ষিণ কৰে জুবিন গাৰ্গৰ লগতে ছবিখনৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণ, অভিনেতা সিদ্ধাৰ্থ গোস্বামী, কিংকিনী ভট্টাচাৰ্যৰ লগতে কলা কুশলীসকলে। ৰাইজলৈ জুবিন গাৰ্গৰ আহ্বান – ‘দৌৰি দৌৰি আহক ড০ বেজবৰুৱা চাওক।’ ছবিখনত দৰ্শকে সকলো দিশতে নতুন সোৱাদ লাভ কৰিব বুলি কয় জুবিন গাৰ্গে।


অহা ৩ ফেব্ৰুৱাৰীত দেশজুৰি মুকলি হ’ব ড০ বেজবৰুৱা–২ : বিভিন্ন স্থানৰ ১০০খনতকৈও অধিক স্ক্ৰীণত একেলগে মুক্তি পাব ছবিখন