নিউজ ডেস্ক, ১৬ জানুৱাৰী,২০২৩:
অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলীৰ ১৩ বছৰীয়া উত্তম তাঁতীক ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰা হ’ব।বিগত ২০১৯ চনত মাত্ৰ ১০ বছৰ বয়সতে এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰক বানপানীত উটি যোৱাৰ সময়ত জীৱন ৰক্ষা কৰাৰ বাবে উত্তমক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়৷ অহা ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ দিনা নতুন দিল্লীত এই বঁটা প্ৰদান কৰা হ’ব ৷


