নিউজ ডেক্স, ১৬ জানুৱাৰী,২০২৩ :ৰাজ্য চৰকাৰে এইবাৰ শিল্পী দিৱসৰ দিনা ৰাজ্যখনৰ কলা,সংস্কৃতি,সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মুঠ ৫০ গৰাকী শিল্পীলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন আগবঢ়াব ৷ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি শিল্পী পেঞ্চন লাভ কৰা শিল্পীসকলৰ নাম ঘোষণা কৰে। ১৭ জানুৱাৰীত শিল্পী দিৱসৰ দিনা ৰাজ্য চৰকাৰে প্ৰদান কৰিব শিল্পী পেঞ্চন।শিল্পী পেঞ্চন লাভ কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীসকল হ’ল ক্ৰমে-
১) ক্ষিতীশ চন্দ্ৰ শৰ্মা ( ভ্ৰাম্যমাণ থিয়েটাৰৰ আলোক শিল্পী, বজালী, ৬৫ বছৰ )
২) প্ৰমোদ চন্দ্ৰ ৰয় ( ভ্ৰাম্যমাণ থিয়েটাৰ, বজালী, ৭৬ বছৰ )
৩) মনোজ শৰ্মা ( ৩৩ বছৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, বাক্সা, ৭৭ বছৰ )
৪) নৰেন ৰাজবংশী ( যাত্ৰাৰ নৃত্য শিল্পী, বাক্সা, ৬৫ বছৰ )
৫) মানিক সিং ৰয় ( প্ৰায় একুৰি ভ্ৰাম্যমাণ থিয়েটাৰ দলত বাঁহী বাদক, বঙাইগাঁও, ৬৭ বছৰ )
৬) গীতেশ ৰঞ্জন নাথ ( নাটকৰ শিল্পী, কাছাৰ, ৮৩ বছৰ )
বছৰ )
৭) অৰুন্ধতি আদিত্য ( গায়িকা, কাছাৰ, ৬৩ বছৰ )
৮) ৰত্নেশ্বৰ বৰা ( শুকনানী ওজাপালি, দৰং, ৭৪ বছৰ )
৯) ইছাৰাম বৰুৱা ( ব্যাস ওজা, দৰং, ৮৫ বছৰ )
১০) প্ৰফুল্ল নাথ (ঢেপাঢোল, শুকনানী ওজা, দৰং, ৮০ বছৰ )
১১) প্ৰতাপ চন্দ্ৰ শৰ্মা ( ব্যাস ওজাপালি, দৰং, ৮৬ বছৰ )
১২) বিপিন ৰাজখোৱা ( সত্ৰীয়া নৃত্য, ধেমাজি, ৮৭ বছৰ )
১৩) ধীৰেন্দ্ৰ নাথ পল ( টেৰাকোটা, ধুবুৰী, ৭৫ বছৰ )
১৪) হিতেশ্বৰ হাজৰিকা ( ঢুলীয়া ওজা, গোলাঘাট, ৮২ বছৰ )
১৫) ৰবীন চেতিয়া ( চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, গোলাঘাট, ৭৪ বছৰ )
১৬) তৰুণ চন্দ্ৰ গোস্বামী ( সত্ৰীয়া নৃত্য, যোৰহাট, ৮৩ বছৰ )
১৭) সন্ধ্যা দেৱী ( গায়িকা, যোৰহাট, ৭৬ বছৰ )
১৮) অমিতাভ বৰদলৈ ( ভাওনা, যোৰহাট, ৬২ বছৰ )
১৯) থানেশ্বৰ ডাউকা ( নাগাৰা নাম, কামৰূপ, ৬৬ বছৰ )
২০) সত্য নাথ ভৰালী ( পিতল শিল্পী, কামৰূপ, ৮২ বছৰ )
২১) সুৰেন দাস ( যাত্ৰা পাৰ্টি, কামৰূপ, ৮৬ বছৰ )
২২) ব্ৰজেন বৰা ( চলচ্চিত্ৰ অভিনেতা-পৰিচালক, কামৰূপ মেট্ৰো, ৬৫ বছৰ )
২৩) দিলীপ মজুমদাৰ ( ঢোলক বাদক, কামৰূপ মেট্ৰো, ৬২ বছৰ )
২৪) জীতেন্দ্ৰ বৈশ্য ( তবলা বাদক, কণ্ঠশিল্পী, কামৰূপ মেট্ৰো, ৬৭ বছৰ )
২৫) তৰুলতা দাস ( কণ্ঠশিল্পী, কামৰূপ মেট্ৰো, ৮৭ বছৰ )
২৬) নুৰুদ্দিন আহমেদ ( কলা নিৰ্দেশক, ভাস্কৰ্য শিল্পী, কামৰূপ মেট্ৰো, ৬৩ বছৰ )
২৭) ৰীতা দাস ( কণ্ঠশিল্পী, কামৰূপ মেট্ৰো, ৬৫ বছৰ )
২৮) দীপক কুমাৰ দত্ত ( চলচ্চিত্ৰ নিৰ্মাতা, কামৰূপ মেট্ৰো, ৬১ বছৰ )
২৯) নিজৰা মজুমদাৰ ( অভিনয়-লেখিকা, কামৰূপ মেট্ৰো, ৮১ বছৰ )
৩০) হৰি শইকীয়া ( বাহ বেতৰ শিল্পী, মাজুলী, ৬৯ বছৰ )
৩১) প্ৰফুল্ল বৰা ( সত্ৰীয়া সংস্কৃতি, মাজুলী, ৭৬ বছৰ )
৩২) মালভোগ নাথ ( সত্ৰীয়া সংস্কৃতি – লোক সংগীত, মাজুলী, ৮২ বছৰ )
৩৩) পদ্ম বায়ন ( সত্ৰীয়া সংস্কৃতি, মাজুলী, ৭৫ বছৰ )
৩৪) বাপ কুমাৰ বায়ন ( বায়ন, মাজুলী, ৬৬ বছৰ )
৩৫) লীলাৰাম দত্ত গায়ন ( সত্ৰীয়া সংস্কৃতি, মাজুলী, ৬১ বছৰ )
৩৬) নৰেশ বিশ্বাস ( ভাস্কৰ্য শিল্পী, মৰিগাঁও, ৭৩ বছৰ )
৩৭) গিৰিধৰ সেনাপতি ( পুতলা নাচৰ শিল্পী, নগাঁও, ৬৮ বছৰ )
৩৮) মহেন্দ্ৰ বৰা ( ঢোল বাদক, নগাঁও, ৭৪ বছৰ )
৩৯) হৰি প্ৰসাদ মহন্ত ( ভাওনা-বিহু, নগাঁও, ৬৮ বছৰ )
৪০) চিত্ৰদেৱ মহন্ত ( সংগীত, নগাঁও, ৭১ বছৰ )
৪১) হৰেণ হাজৰিকা ( অভিনয়-লেখক, নগাঁও, ৮৭ বছৰ )
৪২) ভদ্ৰেশ্বৰ পাঠক ( ড্ৰেছ মাষ্টাৰ-ভ্ৰাম্যমাণ থিয়েটাৰ, নলবাৰী, ৭৫ বছৰ )
৪৩) গোবিন সন্দিকৈ ( লোক শিল্পী, শিৱসাগৰ, ৭৫ বছৰ )
৪৪) বিশ্ব শইকীয়া ( খোল বাদ্য-ভ্ৰাম্যমাণ থিয়েটাৰ, শিৱসাগৰ, ৬৫ বছৰ )
৪৫) মধুৰাম মোডী ( ঝুমুৰ শিল্পী, শিৱসাগৰ, ৬৬ বছৰ )
৪৬) বাপ চন্দ্ৰ দত্ত ( গায়ন বায়ন-ঢোল বাদক-অভিনেতা, শিৱসাগৰ, ৯৪ বছৰ )
৪৭) বিপিন চন্দ্ৰ হাজৰিকা ( ভাওনা-নাটক, শিৱসাগৰ, ৭৬ বছৰ )
৪৮) জয় চন্দ্ৰ নাথ ( ভাওনা, শোণিতপুৰ, ৮০ বছৰ )
৪৯) দেবেন পাঠক ( লোকগীতৰ শিল্পী, তামুলপুৰ, ৭৪ বছৰ )
৫০) প্ৰফুল্ল ৰুদ্ৰপল ( অভিনেতা, তামুলপুৰ, ৬৮ বছৰ )
আনহাতে এইবাৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট শিল্পী ৰাজেন গোহাঁই আৰু পখিলা লেকথেপীকলৈ, নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ , ড° ভবেন্দ্ৰ নাথ শইকীয়া বঁটা আগবঢ়োৱা হৈছে অভিনেতা অৰুণ নাথলৈ আৰু বিজু ফুকন বঁটা আগবঢ়োৱা হৈছে চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱলৈ। ১৭ জানুৱাৰীত শিল্পী দিৱসৰ দিনা এই বঁটা সমূহ প্ৰদান কৰা হ’ব ৷

